মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

বিশেষ ভাৱে সক্ষম লোকৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন

  • তালিকাঃ

    • বিশেষভাৱে সক্ষম লোকৰ প্ৰমাণ পত্ৰ থকা সকলে উপলব্ধ আঁচনি আৰু কাৰ্য্যক্ৰমৰ সুবিধা সমূহ লাভ কৰিব পাৰে।
    • চিকিত্সালয়ৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ চিকিত্সা কৰ্তৃপক্ষ বাচনি কৰা হৈছে।
    • একক অক্ষমতাৰ ক্ষেত্ৰত, চৰকাৰী চিকিত্সালয়ত কৰ্মৰত বিশেষজ্ঞ চিকিত্সকক নিয়োগ কৰা হৈছে।
    • বহু-অক্ষমতাৰ ক্ষেত্ৰত, সংশ্লিষ্ট জিলাৰ আয়ুক্তৰ দ্বাৰা এখন পৰিষদ গঠন কৰা হৈছে।

    অৱলোকন

    শাৰিৰীক ভাৱে অক্ষম লোকৰ এক ৰাষ্ট্ৰীয় তথ্য ভাণ্ডাৰ তৈয়াৰ কৰিবলৈ আৰু প্ৰতিজন প্ৰতিবন্ধী লোকক একোখনকৈ সুকীয়া অক্ষমতা পৰিচয় পত্ৰ প্ৰদান কৰাৰ উদ্দেশ্যৰে অক্ষম লোকৰ বাবে সুকীয়া আই.ডি. প্ৰকল্প ৰূপায়ন কৰি থকা হৈছে। এই প্ৰকল্পই কেৱল স্বচ্ছতা, ফলপ্ৰসূতা আৰু চৰকাৰী লাভা-লাভ প্ৰদান ব্যৱস্থা সুচল কৰাই নহয়, ইয়াৰ জৰিয়তে সমতা স্থাপন কৰাৰ ক্ষেত্ৰতো নিশ্চয়তা আহি পৰিব। এই প্ৰকল্পৰ জৰিয়তে ৰূপায়নৰ অধিক্ৰয়ৰ সকলো স্তৰতে- গাঁও পৰ্য্যায়ৰ পৰা, খণ্ড পৰ্য্যায়, জিলা পৰ্য্যায়, ৰাজ্যিক পৰ্য্যায় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত, হিতাধিকাৰী সকলৰ কায়িক আৰু বিত্তীয় উন্নয়নৰ বিষয়েও উমান পোৱাটো সহজ হৈ পৰিব।

    চৰকাৰে চিকিত্সা কৰ্তৃপক্ষক বিশেষভাৱে সক্ষম লোকৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। এই ক্ষেত্ৰত চৰকাৰে বাচনি কৰা যোগ্য কৰ্তৃপক্ষকহে এই প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ বাবে নিৰ্দেশ জাৰী কৰিছে।

    প্ৰক্ৰিয়া ধাৰা

    অনুসুচী ১ত প্ৰদান কৰা পৰামৰ্শাৱলী অনুসৰণ কৰক।

    যোগ্যতাৰ মাপকাঠী

    1. তেখেত এগৰাকী ভাৰতীয় নাগৰিক হব লাগিব।
    2. তেখেতৰ কোনো শাৰিৰীক অক্ষমতা থাকিব লাগিব।

    প্ৰয়োজনীয় নথি

    1. ব্যক্তি গৰাকীৰ স্বাক্ষৰ/টিপ চহী
    2. চিকিত্সালয়ৰ অধ্যক্ষ/চি.এম.ও./চিকিত্সালয় প্ৰমূখৰ(মোহৰ সহ) প্ৰতিস্বাক্ষৰ
    3. শাৰিৰীক অক্ষমতা প্ৰদৰ্শন কৰাকৈ এখন প্ৰামাণিক স্বাক্ষৰযুক্ত আলোকচিত্ৰ

    গুৰুত্বপূৰ্ণ সময়ৰেখা

    ম্যাদঃ স্থায়ী

    কেনেকৈ আবেদন কৰিব

    অনুসুচী ১ত উল্লেখ কৰা পৰামৰ্শাৱলী অনুসৰণ কৰক-

    অনুসুচী-১প্ৰতিবন্ধী প্ৰমাণ পত্ৰ লাভ কৰাৰ পৰামৰ্শাৱলীডাউনলোড

    সেৱাৰ প্ৰকাৰ

    অনলাইন আৰু অফলাইন দুয়োবিধ সুবিধা উপলব্ধ

    কাক যোগাযোগ কৰিব

    সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগ, অসম