মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

শিশু তত্বাৱধান/তোলনীয়া তত্বাৱধানৰ পঞ্জীকৰণৰ বাবে আবেদন

  • তালিকাঃ

    • প্ৰতিষ্ঠানটোৱে সামাজিক পঞ্জীকৰণ আইন, ১৮৬০ৰ অধীনত পঞ্জীয়ন কৰিব লাগিব আৰু পঞ্জীয়নৰ প্ৰমাণ পত্ৰ লাভ কৰিব লাগিব।
    • তলৰ অনুসুচীত আবেদনৰ প্ৰ-পত্ৰ দিয়া কৰা হৈছে।
    • আবেদন প্ৰ-পত্ৰ সমূহ পঞ্জীয়ন ডাকৰ জৰিয়তে ৰাজ্যিক শিশু সুৰক্ষা সমিতিলৈ প্ৰেৰণ কৰিব লাগিব।

    অৱলোকন

    কিশোৰ ন্যায় আইনৰ(জে.জে.আইন) অধীনত, শিশু সকলক আশ্ৰয় প্ৰদানকাৰী, শিশুক আনুষ্ঠানিক তত্বাৱধান প্ৰদানকাৰী, আইনী মেৰ-পেচত পৰা শিশুক সহায় আগবঢ়োৱা সকলো চৰকাৰী বা স্বেচ্চাসেৱী সংগঠনৰ দ্বাৰা আংশীক বা সম্পূৰ্ণ ৰূপে পৰিচালিত প্ৰতিষ্ঠান(শিশু গৃহ, পৰ্য্যবেক্ষণ গৃহ, মুক্ত আশ্ৰয়, বিশেষজ্ঞ তোলনীয় প্ৰতিষ্ঠান, সুৰক্ষা স্থল) সমূহ আইনৰ ৪১নং ধাৰৰ (১)উপধাৰাৰ অধীনত পঞ্জীকৃত হোৱাটো বাধ্যতামূলক।

    যোগ্যতাৰ মাপকাঠী

    সামাজিক পঞ্জীয়ন আইন-১৮৬০ৰ পৰামৰ্শাৱলী অনুযায়ীঃ ইয়াতে ক্লিক কৰক

    প্ৰ-পত্ৰ পূৰণৰ পৰামৰ্শাৱলী

    সামাজিক পঞ্জীয়ন আইন-১৮৬০ৰ পৰামৰ্শাৱলী অনুযায়ীঃ ইয়াতে ক্লিক কৰক

    প্ৰয়োজনীয় নথি

    তলৰ ১নং অনুসূচীত আবেদনৰ প্ৰ-পত্ৰ সংযুক্ত কৰা আছে।

    সামাজিক পঞ্জীয়ন আইন-১৮৬০ৰ অধীনত পঞ্জীকৰণৰ এখন প্ৰমাণ পত্ৰ বা কোনো অন্য ন্যাস, নিয়ম, অধিনিয়ম, সহযোগিতাৰ চুক্তি, প্ৰশাসনীয় কৰ্তৃপক্ষৰ তালিকা, কাৰ্য্যালয় কৰ্মকৰ্তাৰ তালিকা, ন্যাস স্বত্বাধিকাৰীৰ তালিকা, শেহতীয়া তিনি বছৰৰ লেখ-হিচাপ, প্ৰতিষ্ঠানটোৱে অতীতত প্ৰদান কৰা সামাজিক বা ৰাজহুৱা সেৱাৰ অভিলেখ আৰু লগতে প্ৰতিষ্ঠানটোৱে কোনো অৰ্থনৈতিক কাৰ্য্য, অপৰাধজনিত কাৰ্য্য, শিশু নিৰ্যাতন, শিশু শ্ৰমিক নিয়োগ আদি কাৰ্য্যত জড়িত নথকা বা ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কলা তালিকাভুক্ত নোহোৱা বুলি উল্লেখ কৰি এক স্পষ্টীকৰণ প্ৰদান কৰিব লাগিব।

    কেনেকৈ আবেদন কৰিব

    তলত ১নং অনুসুচীত দিয়া আবেদন প্ৰ-পত্ৰ জমা দিব লাগিব

    আবেদন প্ৰ-পত্ৰ সমূহ পঞ্জীয়ন দাকৰ জৰিয়তে ৰাজ্যিক শিশু সুৰক্ষা সমিতি, অসম, গৃহ নং-৪৬, প্ৰথম মহলা, চাৰ্ভেই বাছ আস্থান, বেলতলা পথ, গুৱাহাটী-৭৮১০২৮ৰ ঠিকনাত উপৰত উল্লেখিত সকলো নথি সহ প্ৰেৰণ কৰিব লাগিব।

    সেৱাৰ প্ৰকাৰ

    অফলাইনঃ হয়

    পূৰণ কৰিবলগীয়া প্ৰ-পত্ৰ

    অনুসুচী-১আবেদন প্ৰ-পত্ৰডাউনলোড

    কাক যোগাযোগ কৰিব

    আবেদন প্ৰ-পত্ৰ সমূহ পঞ্জীয়ন দাকৰ জৰিয়তে ৰাজ্যিক শিশু সুৰক্ষা সমিতি, অসম, গৃহ নং-৪৬, প্ৰথম মহলা, চাৰ্ভে বাছ আস্থান, বেলতলা পথ, গুৱাহাটী-৭৮১০২৮ৰ ঠিকনাত উপৰত উল্লেখিত সকলো নথি সহ প্ৰেৰণ কৰিব লাগিব।