মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

শিশু সুৰক্ষা খণ্ড

অৱলোকন

শিশুৰ জীৱন ধাৰণ, সুৰক্ষা, উন্নয়ন, সৱলীকৰণ আৰু সকলো ক্ষেত্ৰতে অংশ গ্ৰহণ এই সমগ্ৰ দিশতে উন্নয়ন সাধনৰ উদ্দেশ্যৰে অসম সমাজ কল্যাণ বিভাগে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অসমত শিশু সুৰক্ষা আৰু পুনৰসংস্থাপন সেৱাৰ অংশ হিচাপে, বিভাগে শিশু গৃহ, পৰ্যবেক্ষণ গৃহ, বিশেষ গৃহৰ আদিৰ দৰে শিশু তত্বাৱধান প্ৰতিষ্ঠানৰ(চি.চি.আই.) কাৰ্য্যতন্ত্ৰ তৈয়াৰ কৰিছে। এই চি.চি.আই. সমূহৰ সামগ্ৰীক উন্নয়নৰ বাবেও বিভাগে বিশেষ গুৰুত্ব আৰোপ কৰে যাতে সমাজৰ মুখ্য ধাৰাত তেওঁলোকক সহজে সামৰি লব পাৰি।

শিশু সুৰক্ষা তত্বাৱধান সুনিশ্চিত কৰাৰ বাবে সমাজ কল্যাণ বিভাগৰ কিছুমান লক্ষ্য হৈছেঃ

  1. বঞ্চিত, দৰিদ্ৰ, মাঁওৰা সকলৰ বাবে যত্ন আৰু সুৰক্ষা প্ৰদান কৰা।
  2. শিশুৰ পুনঃসংস্থাপনৰ বাবে তেওঁলোকক শিক্ষা আৰু বৃত্তিগত প্ৰশিক্ষণ প্ৰদান কৰা।
  3. বাল্য বিবাহ আৰু শিশু সৰবৰাহ প্ৰতিৰোধ কৰা।
  4. শিশুৰ সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰা।

শিশু অধিকাৰ সুৰক্ষাৰ বাবে অসম ৰাজ্যিক আযুক্তালয়

শিশুৰ সুৰক্ষা, উন্নয়ন, জীৱন ধাৰণ আৰু অংশগ্ৰহণ ইত্যাদিৰ উদ্দেশ্যে শিশু সুৰক্ষা আইন, ২০০৫ৰ সুৰক্ষা আয়ুক্তালয়ৰ ১৭নং ধাৰাৰ অধীনত শিশু অধিকাৰ সুৰক্ষা অসম ৰাজ্যিক আয়ুক্তালয়ৰ গঠন কৰা হয়।

আয়ুক্তালয়ৰ কাৰ্য্যাৱলী সমূহ তলত উল্লেখ কৰা হলঃ

  • শিশুক সুৰক্ষা প্ৰদানকাৰী বলৱত হৈ থকা আইন সমূহ পৰীক্ষা আৰু পৰ্য্যবেক্ষণ কৰা আৰু প্ৰয়োজন অনুসাৰে সেইবোৰৰ সঠিক ৰূপায়ন কৰাৰ ক্ষেত্ৰত পৰামৰ্শ প্ৰদান কৰা।
  • শিশু উতপীড়ন ঘটনাৰ তদন্ত কৰা আৰু সেইবোৰৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা।
  • দুৰ্দশাগ্ৰস্ত শিশু, পিছপৰা শিশু, আইনী মেৰপেছত পৰা শিশু, শিশু অপৰাধী, পৰিয়াল বিহীন শিশু আৰু জেলত থকা লোকৰ সন্তানকে ধৰি বিভিন্ন ধৰণে খতিগ্ৰস্ত শিশু যেনে সন্ত্ৰাসবাদ, সাম্প্ৰদায়িক সংঘৰ্ষ, প্ৰাকৃতিক দূৰ্যোগ, ঘৰুৱা হিংসা, এইচ.আই.ভি./এইডচ সংক্ৰমণ, সৰবৰাহকৃত, অত্যাচাৰ আৰু শোষণ ভুক্তভোগী, যৌন আতিশয্যাৰ বলি হোৱা শিশু সকলৰ সকলো অধিকাৰ উপভোগ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা উপাদান সমূহ পৰীক্ষা কৰা আৰু তেওঁলোকৰ বাবে প্ৰয়োজনী যত্ন লোৱা তথা সুৰক্ষা প্ৰদান কৰাৰ বাবে সঠিক পদক্ষেপ গ্ৰহণ কৰাৰ পৰামৰ্শ প্ৰদান কৰা।
  • কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ বা আন কৰ্তৃপক্ষৰ অধীনষ্ঠ গৃহ সমূহ যেনে সংশোধনী গৃহ, শিশু সুৰক্ষা গৃহ বা শিশু গৃহ যত শিশু সকলক বিভিন্ন উদ্দেশ্যৰ বাবে ৰখা হয় এনে গৃহ সমূহৰ লগতে গৃহ সমূহত শিশু ৰখাৰ কাৰণ সম্পৰ্কেও পৰিদৰ্শন কৰা।

ডি.চি.পি.ইউ. কি ?

জিলা শিশু সুৰক্ষা একক হৈছে জিলা খনত সংযুক্ত শিশু সুৰক্ষা আইন আঁচনি(আই.চি.পি.এছ.) ৰূপায়ন কৰা আৰু জিলা খনত অব্যাহত থকা সকলো শিশু সুৰক্ষামূলক কাৰ্য্যক্ৰমৰ সৈতে সমন্বয় স্থাপন কৰাৰ বাবে দায়বদ্ধ প্ৰাথমিক একক। ই হৈছে জিলা এখনৰ বাবে শিশু সুৰক্ষা একক, যি অসম চৰকাৰে গঠন কৰিছিল, আৰু ই হৈছে জিলাখনত কিশোৰ ন্যায়(শিশুৰ যত্ন আৰু সুৰক্ষা) আইন, ২০১৫ আৰু অন্য শিশু সুৰক্ষা সম্পৰ্কীয় ব্যৱস্থা সমূহ ৰূপায়ন কৰাটো সুনিশ্চত কৰে।