মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

মহিলা আৰু ছোৱালী শিশুৰ সৱলীকৰণ

মহিলা সৱলীকৰণৰ ৰাষ্ট্ৰীয় অভিযান আঁচনি (এন.এম.ই.ডব্লিও.)

ভাৰত চৰকাৰৰ লক্ষ্য হৈছে মহিলা সকলৰ সামগ্ৰীক উন্নয়ন সাধনকাৰী প্ৰক্ৰিয়া সমূহক শক্তিশালী কৰা। মহিলা সৱলীকৰণ আৰু সৰ্বাংগীন কল্যাণৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যৰে ভাৰতীয় চৰকাৰে “মহিলা সৱলীকৰণৰ ৰাষ্ট্ৰীয় অভিযান (এন.এম.ই.ডব্লিও.)” আঁচনিখন গ্ৰহণ কৰিছিল। মহিলাসকলৰ ৰাজ্যিক সমল কেন্দ্ৰৰ(এছ.আৰ.চি.ডব্লিও.) জৰিয়তে উক্ত আঁচনিখন সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৰূপায়ন কৰা হব। পূৰ্ণ শক্তি কেন্দ্ৰ(পি.এছ.কে.), গাঁও পৰ্য্যায়ৰ অভিসৃত আৰু সুগমতা সেৱা(ভি.চি.এফ.এছ.) আদিবোৰো উক্ত আঁচনিৰ পৰিধিৰ অন্তৰ্গত।

ৰাজ্যিক পৰ্য্যায়ত, ৰাজ্য চৰকাৰৰ(ডব্লিও.ডি.চি./সমাজ কল্যাণ বিভাগ) অধীনষ্ঠ ৰাজ্যিক মহিলা সমল কেন্দ্ৰই ৰাজ্যিক পৰ্য্যায়/কেন্দ্ৰীয় শাসিত অঞ্চল স্তৰত প্ৰভাৱশালী সমন্বয়ৰ জৰিয়তে লিংগ সচেতনতা মূলক কাৰ্য্যক্ৰম, আইন আৰু আঁচনি আদি ৰূপায়ন কৰাৰ ক্ষেত্ৰত কাৰ্য্য কৰিব। বাহাল থকা আইন-কানুন, আঁচনি, নীতি তথা কাৰ্য্যক্ৰম সমূহ এছ.আিৰ.ডব্লিও.এছ.এ পৰ্য্যালোচনা তথা মূল্যাংকণো কৰিব পাৰে যাতে বহুক্ষেত্ৰীয় প্ৰকৃতিৰ কাৰ্য্যাৱলী সমূহ সৌহাদ্যপূৰ্ণতাৰে মহিলা হিতাধিকাৰী সকলৰ ওচৰলৈ নিব পাৰি।

এছ.আৰ.চি.ডব্লিও.এ ইয়াৰ প্ৰধান অংশীদাৰ সকলৰ সৈতে মত-বিনিময় কৰি মহিলা সকলৰ সমস্যা সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ বাবে ৰাজ্যিক ক্ৰীয়া পৰিকল্পনা তৈয়াৰ কৰিব আৰু কাৰিকৰী সহায় প্ৰদান কৰিব আৰু লগতে ৰাজ্যিক কাৰ্য্য বলৰ সৈতে কাৰ্য্যৰত অৱস্থাত বি.বি.বি.পি. আঁচনি ৰূপায়নৰ ক্ষেত্ৰতো সমন্বয় ৰক্ষা কৰিব।

মহিলা আৰু শিশু সকলৰ সৱলীকৰণ বাবৈ সমাজ কল্যাণ বিভাগে আন কিছুমান আঁচনিও গ্ৰহণ কৰিছেঃ

  • কিশোৰী সৱলীকৰণ ৰাজীৱ গান্ধী আঁচনি- এছ.এ.বি.এল.এ.
  • প্ৰসুতিজনিত লাভালাভ কাৰ্য্যক্ৰম- (আই.জি.এম.এছ.ওৱাই.)
  • দৰিদ্ৰ মহিলাৰ বাবে গৃহ ব্যৱস্থা
  • ছোৱালীক বচাওক আৰু ছোৱালীক পঢ়াওক
  • এক স্থানীক কেন্দ্ৰ
  • মহিলা হ্লেপলাইন
  • পূৰ্ণ শক্তি অভিযান
  • মহিলা সকলৰ ৰাজ্যিক সমল কেন্দ্ৰ
  • গাঁও অভিসৰণ আৰু সূগম সেৱা(ভি.চি.এফ.চি.)
  • বৃত্তিগত প্ৰশিক্ষণ ও পুনৰসংস্থাপন কেন্দ্ৰ(ভি.টি.আৰ.চি)