মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

এক স্থানিক কেন্দ্ৰ

এক স্থানিক কেন্দ্ৰ

মূল আঁচনি মহিলা সৱলীকৰণ ৰাষ্ট্ৰীয় অভিযানৰ অধীনষ্ঠ উপ-আঁচনি হিচাপে এক স্থানিক কেন্দ্ৰ স্থাপন কৰাৰ লগতে ইন্দিৰা গান্ধী মাতৃত্ব সহযোগ যোজনাৰ বাবেও কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে আঁচনি ৰূপায়নৰ পৃষ্ঠপোষকতা কৰিছে। ব্যক্তিগত বা ৰাজহুৱা স্থানত হিংসাৰ বলি হোৱা মহিলা সকলক একে ঠাইতে উপলব্ধ হোৱাকৈ সংযুক্ত সহাৰি আৰু সহায় আগবঢ়াবলৈ এই এক স্থানিক কেন্দ্ৰ সমূহ পৰ্য্যাক্ৰমে সমগ্ৰ ভাৰততে স্থাপন কৰা হব। প্ৰথম পৰ্য্যায়ত দেশৰ প্ৰতিখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলতে প্ৰায়োগিক ভিত্তিত একোটাকৈ এনে কেন্দ্ৰ স্থাপন কৰা হব।

অসমত তলত উল্লেখ কৰা জিলা কেইখনত মুঠ পাঁচটা এনে কেন্দ্ৰ স্থাপন কৰা হৈছেঃ

  1. কামৰূপ (মহানগৰ)
  2. নগাঁও
  3. যোৰহাট
  4. কোকৰাঝাৰ
  5. কাছাৰ