মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

বিশেষ ভাৱে সক্ষম লোক খণ্ডত

অক্ষম সকলৰ বাবে আয়ুক্ত

অক্ষম লোকৰ আইন, ১৯৯৫এ(সমান সুবিধা, অধিকাৰৰ সুৰক্ষা আৰু সম্পূৰ্ণ অংশগ্ৰহণ) বিশেষ ভাৱে সক্ষম লোকসকলৰ বাবে অধিকাৰৰ এক নতুন পৰিপ্ৰেক্ষতা কঢ়িয়াই আনে। বিশেষ ভাৱে সক্ষম লোক সকলৰ বাবে প্ৰয়োজনীয় উন্নয়ন বাবে এই আইনে চৰকাৰ, বিভিন্ন দিশত বেচৰকাৰী সংগঠন আৰু লগতে জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত কৰে। অক্ষম লোকৰ আইন, ১৯৯৫ৰ(সমান সুবিধা, অধিকাৰৰ সুৰক্ষা আৰু সম্পূৰ্ণ অংশগ্ৰহণ) আধাৰতেই অসমত বিশেষ ভাৱে সক্ষম লোকৰ বাবে ৰাজ্যিক আয়ুক্তৰ কাৰ্য্যলয় প্ৰতিষ্ঠা কৰা হৈছিল। এই কাৰ্য্যালয়ে অক্ষম লোকৰ অধিকাৰ আইন, ২০১৬ৰ ৭৯নং ধাৰাৰ অধীনত বৰ্তমান কাৰ্য্যৰত।

অক্ষমতা আইন আৰু নীতি

নিম্নোল্লেখিত আইন বোৰ অক্ষমতাৰ বিভিন্ন প্ৰকাৰৰ সৈতে জড়িত আৰু এইবোৰে বিভিন্ন কৰ্তৃপক্ষৰ প্ৰৱন্ধন, পৰ্য্যবেক্ষণ আৰু লগতে বিভিন্ন দায়িত্ব আৰু কৰ্তব্য আদিবোৰো চোৱা-চিতা কৰে।

অক্ষমতা আইনডাউনলোড কৰিবলৈ ক্লিক কৰক
মানসিক স্বাস্থ্য আইন, ১৯৮৭ডাউনলোড
ভাৰতীয় পুনৰসংস্থাপন পৰিষদ আইন, ১৯৯২ডাউনলোড
অক্ষম লোকৰ বাবে ৰাষ্ট্ৰীয় নীতিডাউনলোড
বাধাহীন পৰিবেশৰ বাবে পৰামৰ্শাৱলী আৰু জেগাৰ মানডাউনলোড
অক্ষম লোকৰ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰ সংঘৰ সন্মিলনডাউনলোড
অক্ষম লোকৰ অধিকাৰ আইন, ২০১৬ডাউনলোড

কাৰ্য্যক্ৰম

  • গুৱাহাটীৰ খানাপাৰাস্থিত আই.আই.বি.এম.ত ২০১৭বৰ্ষৰ ২৮ আৰু ২৯মাৰ্চ তাৰিখে “উত্তৰ-পূৰ্বাঞ্চলত অক্ষম লোক সকলৰ পুনৰ সংস্থাপন” সম্পৰ্কত কৰ্মশালা।
  • বিশ্ব অক্ষমতা দিৱস, ২৯১৬ উদযাপন।

ৰূপায়ন সমূহ

  1. পি.ডব্লিও.ডি. আইন, ১৯৯৫ অনুসৰি পদক্ষেপ গ্ৰহণ।
  2. ৰাজ্য চৰকাৰে ১৯৯৬বৰ্ষতে চৰকাৰী পদ সমূহত ৩শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰে।
  3. অক্ষম লোক সকলৰ পদবী চতুৰ্থ বৰ্গৰ পৰা তৃতীয় বৰ্গলৈ উন্নকৰণৰ অনুমতি প্ৰদান।
  4. অক্ষম লোকসকলৰ বাবে ২৭৬৫সংখ্যক পদ চিনাক্ত(ও.এইচ.-১৬৩৭, ভি.এইচ.-১৯০, এইচ.এইচ.-৮৩৮)
  5. ৰাজ্যিক সমন্বয় কমিটি আৰু ৰাজ্যিক কাৰ্য্যকৰী কমিটি গঠন আৰু অক্ষম লোকৰ আইন, ১৯৯৫ অনুসৰি সভা অনুষ্ঠিত। অক্ষম লোকৰ অধিকাৰ আইন, ২০১৬ৰ অধীনত গঠন কৰা হয় ৰাজ্যিক পৰামৰ্শ পৰিষদ।
  6. নিৱাৰণ আৰু শীঘ্ৰে ধৰা পেলোৱাঃ স্বাস্থ্য মেলা, এন.এইচ.এম.ৰ জৰিয়তে ৬ৰ পৰা ১৪বছৰৰ ভিতৰৰ বয়স পৰীক্ষা কৰা, এছ.এছ.এ. আৰু সমাজ কল্যাণ বিভাগৰ দ্বাৰা দৃশ্য আৰু শ্ৰাব্য প্ৰতিবন্ধী সকলৰ টীকাকৰণ, কুষ্ঠব্যাধি নাইকিয়াকৰণ কাৰ্য্যক্ৰম, পৰিপূৰক পুষ্টিবৰ্ধন কাৰ্য্যক্ৰম ইত্যাদি।

শিক্ষা

  1. ৬বছৰৰ পৰা ১৮বছৰলৈ বিনামূলীয়া শিক্ষা, বিশেষ বিদ্যালয়, ব্যাপক বিদ্যালয়, বিনামূলীয়া কিতাপ, পৰামৰ্শৱলী, পৰীক্ষাৰ ক্ষেত্ৰত অতিৰিক্ত সময় প্ৰদান কৰা, শ্ৰুতিলেখক, দৃষ্টি প্ৰতিবন্ধী সকলৰ বাবে পাঠ্যক্ৰম গ্ৰহণ কৰা।
  2. মুঠ অক্ষম শিশুৰ সংখ্যাঃ ৮১৭৮২ (বিদ্যালয়তঃ ৭৭৩৭১ আৰু বিশেষ বিদ্যালয়তঃ ৮৫৯)।
  3. চৰকাৰী বিশেষ বিদ্যালয়ৰ সংখ্যাঃ ৪খন।
  4. বাধাযু্ক্ত- বিনামূলীয়া বিদ্যালয়ঃ ৩৭৫৭১ প্ৰাথমিক(৭৮.৫৭শতাংশ), ৪২৯২ মাধ্যমিক(৯৯.৪৯শাতংশ)।
  5. বাধা বিহীন- বিনামূলীয়া বিদ্যালয়ঃ ১০২৪৭ প্ৰাথমিক(২১.৪৩শতাংশ), ২২মাধ্যমিক(০.৫শতাংশ)।
  6. ব্যাপক বিদ্যালয়ঃ প্ৰাথমিক স্তৰত ২৬৬৮৬খন।
  7. বিদ্যালয় আৰু কাৰিকৰী শিক্ষাৰ ছাত্ৰ-ছাত্ৰীক ক্ৰমে ২০০টকা আৰু ৩০০০টকাকৈ মাহিলী জলপানি প্ৰদান কৰা।

নিয়োগ

  1. ২০০৫-০৬চনত চৰকাৰী পদত নিয়োগৰ বাবে এক বিশেষ অভিযান চলোৱা হৈছিল।
  2. বিশেষ নিয়োগ বিনিময় স্থাপনঃ ২৩টা।
  3. বিশেষ নিয়োগ বিনিময়ত ২০১৬বৰ্ষলৈ পঞ্জীকৃত অক্ষম লোকৰ সংখ্যা হৈছে ২৫৬৪৬গৰাকী।
  4. বৃত্তিগত প্ৰশিক্ষণ প্ৰতিষ্ঠান সমূহে চৰকাৰৰ পৰা সহায় লাভ কৰি আহিছে।
  5. সাকাৰাত্মক কাৰ্য্য আৰু অ-বৈষম্য।
  6. অসম ৰাজ্যিক আইনী সেৱা কৰ্তৃপক্ষৰ সহযোগত আৰু বি.এম.ভি.এছ.এছ.(জয়পুৰ ফুট) আৰু আলিমকোৰ সহায়ত ৰাজ্যিক সদৰত বিশেষ সাহায্য আৰু আচবাব আদি বিতৰণ।
  7. আলিমকোৰ সহায়ত জিলা ভিত্তিত শিবিৰ অনুষ্ঠিত। ২০১৭-১৮বৰ্ষত ১০.৫ কোটি টকাৰ সাহায্য আৰু সামগ্ৰী বিতৰণ।
  8. ৰাজ্যিক বাছত ১০০ শতাংশ ৰেহাই শাৰীৰিক ভাৱে অক্ষম লোকৰ বাবে।
  9. অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ অধীনষ্ঠ জাহাজত অক্ষম লোকৰ বাবে দুখন আসন সংৰক্ষণৰ ব্যৱস্থা উপলব্ধ।
  10. সম্পূৰ্ণ হৈ উঠ ২৫টা ভৱনৰ লেখা পৰীক্ষা আৰু ডি.পি.আৰ. সহ পাঁচটা নতুন ভৱনৰ বাবে ভাৰত চৰকাৰলৈ পঠিওৱা প্ৰস্তাৱৰ ক্ষেত্ৰত প্ৰৱেশাধিকাৰ।
  11. অক্ষম লোকৰ অধিকাৰ আইন, ২০১৬ৰ অধীনত সমাজ কল্যাণ সঞ্চালকালয়ক প্ৰকৃত কৰ্তৃপক্ষ হিচাপে অধিসূচনাৰ জৰিয়তে কতৃত্ব প্ৰদান।

সামাজিক নিৰাপত্তাৰ অধীনষ্ঠ পদক্ষেপ

  1. সঠিক তথ্য লাভৰ বাবে অক্ষম লোকৰ আইন, ১৯৯৫ৰ অধীনত সমাজ কল্যাণ বিভাগৰ জৰিয়তে অসমত থকা শাৰীৰিক অক্ষম জনসংখ্যাৰ আক্ষৰাংকীয় জৰীপ।
  2. চৰকাৰৰ অনুৰোধ মৰ্মে কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত(কে.ক.এইচ.এছ.ও.ইউ.) বিশেষ পাঠ্যক্ৰম আৰম্ভণি কৰাৰ বাবে প্ৰস্তুতি। এই ক্ষেত্ৰত ৫০০ আসনৰ বাবে বিশ্ববিদ্যালয় খনৰ সৈতে ভাৰতীয় পুনৰসংস্থাপন পৰিষদৰ (আৰ.চি.আই.) মাজত বুজা-বুজিৰ চুক্তিত স্বাক্ষৰ।
  3. সমগ্ৰ ৰাজ্যতে বিশেষ অক্ষম লোকৰ শিবিৰ আয়োজন।
  4. মানসিক বিকাৰগ্ৰস্ত শিশুৰ বাবে ২০১৭-১৮ বৰ্ষত উচ্চতৰ শিক্ষা অনুষ্ঠান স্থাপন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
  5. প্ৰতিজন প্ৰতিবন্ধি লোকক ৫,০০০ টকাৰ স্বাস্থ্য অনুদান প্ৰদান কৰাৰ বাবে ২২,৫০০.০০ লাখ টকাৰ পুঁজিৰে ২০১৭-১৮ বৰ্ষত ৰাজ্যৰ নিজা অগ্ৰাধিকাৰ আঁচনি।

বিশ্ব প্ৰতিবন্ধি দিৱস, ২০১৬

প্ৰতিবন্ধি লোকৰ আয়ুক্তৰ কাৰ্য্যলয়ে আৰু সমাজ কল্যাণ সঞ্চলকালয়ৰ সহযোগত ২০১৬বৰ্ষৰ ৩ডিচেম্বৰ তাৰিখে কাহিলিপাৰাস্থিত চৰকাৰী বি.ডি.এছ. মোক আৰু বধিৰ বিদ্যালয়ত বিশ্ব প্ৰতিবন্ধি দিৱস উদযাপন কৰে। পতাকা উত্তোলনৰ জৰিয়তে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে সমাজ কল্যাণ সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক অ.অ.সে. বিষয়া, দীপক কুমাৰ চৌধৰীয়ে। কামৰূপ (মহানগৰ) জিলা আৰু কামৰূপ (গ্ৰাম্য) জিলাৰ বহু সংখ্যক প্ৰতিবন্ধি ছাত্ৰ-ছাত্ৰীৰ লগতে তেওঁলোকৰ অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে। অনুষ্ঠানটোত দিনযোৰা কাৰ্য্যসূচীৰে প্ৰতিবন্ধি ছাত্ৰ-ছাত্ৰী সকলৰ বাবে চিত্ৰাংকণ প্ৰতিযোগিতা, মিউজিক চেয়াৰ, সংগীত প্ৰতিযোগিতা, দৌৰা প্ৰতিযোগিতা আদি বহুবোৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

অনুষ্ঠনটোৰ লগত সংগতি ৰাখি এখনি মুকলি সভাৰো আয়োজন কৰা হয় যত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব শ্ৰী ৰৱি কাপুৰ। তেঁওৰ লগতে উপস্থিত থাকে অসম চৰকাৰৰ সচিব, ভ.প্ৰ.সে. বিষয়া, শ্ৰী এন. ইছলাম, অসমৰ প্ৰতিবন্ধী আয়ুক্ত, অ.অ.সে. বিষয়া, শ্ৰী পি.আৰ. ঘৰফলীয়া, অসম সমাজ কল্যাণ সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক, অ.অ.সে. বিষয়া, শ্ৰী দীপক কূমাৰ চৌধুৰী আৰু অসম বধিৰ ছাত্ৰৰ উপ-সভাপতি, স্বৰ্ণলতা পেগু আৰু ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, সাধাৰণ ৰাইজ। অনুষ্ঠানৰ অন্তত এখন বঁটা বিতৰণী সভাও অনুষ্ঠিত হয়।

“উত্তৰ-পূৰ্বাঞ্চলত অক্ষম লোকৰ পুনঃসংস্থাপন”ৰ ওপৰত কৰ্মশালা

ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনষ্ঠ মুম্বাইস্থিত আলি য়াবৰ জাং মোক আৰু বধিৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ উদ্যোগত আৰু অসমৰ অক্ষম লোকৰ আয়ুক্ত কাৰ্য্যলয়ৰ সহযোগত গুৱাহাটীৰ খানাপাৰাস্থিত আই.আই.বি.এম. প্ৰতিষ্ঠানত ২০১৭বৰ্ষৰ ২৮ আৰু ২৮মাৰ্চ তাৰিখে “উত্তৰ-পূৰ্বাঞ্চলত অক্ষম লোকৰ পুনঃসংস্থাপন”ৰ ওপৰত এখনি কৰ্মশালাৰ আয়োজন কৰা হয় যত স্থানীয় সংস্থা হিচাপে বেচৰকাৰী সংগঠন শিশু সাৰথিয়েও অংশগ্ৰহণ কৰে। কৰ্মশালা খনত বিহাৰ, উৰিষ্যা, পশ্চিম বংগৰ লগতে উত্তৰ-পূৱ ভাৰতৰ ৰাজ্য কেইখনৰো বৃহত সংখ্যক অংশগ্ৰহণকাৰীয়ে ভাগ লয়হি। পুনৰসংস্থাপনৰ বৰ্তমান পৰিস্থিতি আৰু ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় পৰিবৰ্তনৰ বিষয়ে কৰ্মশালা খনত বিষদ ভাবে আলোচনা কৰা হয়।

অসম, অক্ষম লোকৰ আয়ুক্ত কাৰ্য্যালয়ৰ যোগাযোগৰ সবিশেষঃ

শ্ৰী পলাশ ৰঞ্জন ঘৰফলীয়া, এ.চি.এছ.
আয়ুক্ত, অসম অক্ষম লোকৰ আয়ুক্তালয়
লতাকাতা, বশিষ্ঠ, গুৱাহাটী-৭৮১০২৯
ফোন নং- +৯১ ৯৪৩৫০৩৫৬৫৭
ইমেইলঃ commdisabilityassam@gmail.com