মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

জ্যেষ্ঠ নাগৰিকৰ খণ্ড

২০০১ বৰ্ষৰ লোকপিয়ল অনুসৰি অসমত প্ৰায় ৫ লাখ জ্যেষ্ঠ নাগৰিক আছে আৰু তেওঁলোকক এক উত্পাদনক্ষম, সক্ৰিয় আৰু সুস্বাস্থ্যৱান জীৱন কটোৱাৰ সুবিধা প্ৰদান কৰাৰ লক্ষৰে সমাজ কল্যাণ বিভাগে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ সহায়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছেঃ

  • জ্যেষ্ঠ নাগৰিক আৰু অভিভাৱকৰ ভৰণ-পোষণ আইন, ২০১২ৰ ৰূপায়ন
  • জ্যেষ্ঠ নাগৰিকৰ বাবে অসম ৰাজ্যিক নীতি, ২০১৬ প্ৰস্তুত কৰা।
  • জ্যেষ্ঠ নাগৰিক সকলৰ কল্যাণ আৰু লগতে প্ৰয়োজন সাপেক্ষে নীতি ৰূপায়ন কাৰা কাৰ্য্যৰ পৰামৰ্শ প্ৰদান আৰু ইয়াৰ পৰ্য্যবেক্ষণ কৰিবলৈ জ্যেষ্ঠ নাগৰিক উন্নয়ন পৰিষদ গঠন কৰা।

ইয়াৰোপৰি, অভিভাৱক আৰু জ্যেষ্ঠ নাগৰিকৰ আনুষ্ঠানিক তত্বাৱধানৰ বাবে মহিলা আৰু পুৰুষৰ দুখন বিশেষ বৃদ্ধাশ্ৰম স্থাপন কৰা হৈছে যত বেচৰকাৰী সংগঠন বোৰেও অতিৰিক্ত ভাৱে বহুবোৰ এনে গৃহ, দিনৰ তত্বাৱধান কেন্দ্ৰ, ভ্ৰাম্যমান চিকিত্সা সেৱা আৰু মানসিক চিকিত্সা কেন্দ্ৰ আদি পৰিচালনা কৰি আছে। তাৰোপৰি অসম স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে গুৱাহাটী চিকিত্সা মহাবিদ্যালয় চিকিতসালয়ত জ্যেষ্ঠ নাগৰিক সকলৰ বাবে এটা বয়োজ্যেষ্ঠ ৱাৰ্ডো মুকলি কৰিছে।