মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

বিশেষভাৱে সক্ষম লোকৰ জলপানিৰ বাবে আবেদন

তালিকা:

  • ইয়াত দুই প্ৰকাৰৰ পঞ্জীয়ন ব্যৱস্থা আছেঃ নতুন আবেদন আৰু নৱীকৰণৰ আবেদন।
  • ৫০,০০০/- টকাতকৈ কম জলপানিৰ বাবে ওৱেবচাইটৰ জৰিয়তে কোনো নথি প্ৰদান কৰিব নালাগে। ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ নথি সমূহ সংশ্লিষ্ট বিদ্যালয় বা শিক্ষানুষ্ঠানক প্ৰদান কৰিব লাগিব।
  • যি সকল ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ পৰিমাণ ৫০,০০০/- টকাতকৈ অধিক সেইসকলে ওৱেব পৰ্টেলৰ জৰিয়তে তলত উল্লেখ কৰা নথি সমূহ প্ৰদান কৰিব লাগিব।
  • আবেদন প্ৰ-পত্ৰত ৰঙা তৰাযুক্ত থাই সমূহ পূৰণ কৰাটো বাধ্যতামূলক।

অৱলোকন

প্ৰতিবন্ধী সকলৰ শিক্ষাগত দিশতো উন্নত কৰাৰ উদ্দেশ্যৰে সৱলীকৰণ আৰু প্ৰতিবন্ধী লোক বিভাগে তিনিটা জলপানি আঁচনি ৰূপায়ন কৰিছে, সেইয়া হল- পূৰ্ব হাইস্কুল শিক্ষান্ত, হাইস্কুল শিক্ষান্তৰ পাছত আৰু তেঁওলোকৰ সৱলীকৰণৰ বাবে উচ্চ মাণৰ শিক্ষা লাভৰ বাবে।

যোগ্যতাৰ মাপকাঠী

  • তেঁও এজন ভাৰতীয় নাগৰিক হব লাগিব।
  • শাৰীৰিক অক্ষমতাৰ হাৰ ৪০শতাংশতকৈ কম হব লাগিব আৰু যোগ্য চিকিত্সা কৰ্তৃপক্ষৰ জৰিয়তে এই অক্ষমতাৰ সত্যতা নিৰূপন কৰিব লাগিব।
  • একেটা পৰিয়ালৰে দুজনতকৈ অধিক প্ৰতিবন্ধী শিশুক এই আচঁনিৰ অধীনত সামৰি লোৱা নহব। দ্বিতীয় সন্তান যদিহে যমজ হয়, তেনেহলে এই আঁচনিৰ অধীনত দুয়োজনেই জলপানিৰ সুবিধা লাভ কৰিব পাৰিব।
  • কোনো এটা শ্ৰেণীত অধ্যয়ন কৰিবৰ বাবে জলপানিৰ সুবিধা কেৱল এবছৰৰ বাবেহে উপলব্ধ। অৰ্থাত্, একেটা শ্ৰেণীতে দুবাৰকৈ অধ্যয়ন কৰিবলগীয়া হলে ছাত্ৰ-ছাত্ৰীয়ে একেটা শ্ৰেণীৰ বাবে দ্বিতীয়বাৰ জলপানি লাভ নকৰিব।
  • এই আঁচনিৰ হিতাধিকাৰী ছাত্ৰ-ছাত্ৰীয়ে অন্য জলপানি বা পাৰিতুষিক লাভ কৰিব নোৱাৰিব। যদিহে কোনো ছাত্ৰ-ছাত্ৰীয়ে অন্য কোনো জলপানি/পাৰিতুষিক লাভৰ সুবিধা লাভ কৰে তেনেহলে যিকোনো এটা জলপানিৰ সুবিধাহে গ্ৰহণ কৰিব পাৰিব আৰু অধিক লাভজনক জলপানি গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি এই বিষয়ে শিক্ষানুষ্ঠানৰ মূৰুব্বীক অৱগত কৰিব লাগিব।

প্ৰয়োজনীয় নথিঃ

  • ৫০,০০০/- টকাতকৈ কম পৰিমাণৰ জলপানিৰ বাবে
  1. আধাৰ পৰিচয় পত্ৰ বা নহলে আধাৰ পঞ্জীকৰণ সংখ্যা।
  2. চৰকাৰী চিকিত্সালয়ৰ জিলা চিকিত্সা বিষয়া/অসামৰিক চিকিত্সকে বাচনি কৰা যোগ্য কৰ্তৃপক্ষৰ জৰিয়তে প্ৰদান কৰা প্ৰতিবন্ধী সত্যতাৰ প্ৰমাণ পত্ৰ।
  3. নিৰ্দিষ্ট কৰ্তৃপক্ষই প্ৰদান কৰা পৰিয়াল আয়ৰ প্ৰমাণ পত্ৰ, আঁচনিৰ পৰামৰ্শাৱলী অনুযায়ী ৰাজহ কৰ্তৃপক্ষই স্বাক্ষৰ কৰা হব লাগিব।(১৬নং প্ৰ-পত্ৰ গ্ৰহণযোগ্য নহয়।)
  4. আগৰ বছৰৰ মাৰ্কশ্বিট।
  5. টিউচন মাচুলৰ ৰচিদ।
  • ৫০,০০০/- টকাতকৈ অধিক পৰিমাণৰ জলপানিৰ বাবে
  1. ছাত্ৰ-ছাত্ৰীৰ ফটোগ্ৰাফ।
  2. নিৰ্দিষ্ট কৰ্তৃপক্ষই প্ৰদান কৰা পৰিয়াল আয়ৰ প্ৰমাণ পত্ৰৰ স্কেন কৰা প্ৰতিলিপি, (ৰাজহ কৰ্তৃপক্ষই স্বাক্ষৰ কৰা হব লাগে)(১৬নং প্ৰ-পত্ৰ গ্ৰহণযোগ্য নহয়)।
  3. আধাৰ পৰিচয় পত্ৰ বা নহলে আধাৰ পঞ্জীকৰণ সংখ্যাৰ স্কেন কৰা প্ৰতিলিপি।
  4. চৰকাৰী চিকিত্সালয়ৰ জিলা চিকিত্সা বিষয়া/অসামৰীক চিকিত্সকে বাচনি কৰা যোগ্য কৰ্তৃপক্ষৰ জৰিয়তে প্ৰদান কৰা প্ৰতিবন্ধী সত্যতাৰ প্ৰমাণ পত্ৰৰ স্কেন কৰা প্ৰতিলিপি।
  5. আগৰ বছৰৰ মাৰ্কশ্বিটৰ স্কেন কৰা প্ৰতিলিপি।
  6. চলিত পাঠ্যক্ৰম বৰ্ষৰ টিউচন মাচুলৰ ৰচিদ।
  7. বেংক পাছবুক/বাতিল কৰা চেকবুক পাতৰ স্কেন কৰা প্ৰতিলিপি।
  8. কম্পিউটাৰ বা অন্য সহায়ক আহিলা ক্ৰয় কৰাৰ ৰচিদ ৱেবচাইটৰ জৰিয়তে প্ৰদান কৰিব লাগিব(কেৱল এছ.ডব্লিও.ডি.এছ.ৰ উচ্চ পৰ্য্যায়ৰ জলপানিৰ ক্ষেত্ৰতহে প্ৰযোজ্য)

গুৰুত্বপূৰ্ণ সময়ৰেখা

বিভিন্ন জলপানিৰ বাব আবেদন গ্ৰহণ কৰা সময়ৰ শেষ সীমা ৰাষ্ট্ৰীয় জলপানি ৱেব পৰ্টেলত উল্লেখ কৰা আছে।

কেনেকৈ আবেদন কৰিব

ইয়াত দুই প্ৰকাৰৰ পঞ্জীয়ন ব্যৱস্থা আছেঃ তনুত আবেদন আৰু নৱীকৰণৰ আবেদনঃ-

নতুনঃপ্ৰথম বাৰৰ বাবে আবেদন কৰা ছাত্ৰ-ছাত্ৰী সকলে ৰাষ্ট্ৰীয় জলপানি ৱেব পৰ্টেলত উপলব্ধ “ষ্টুডেণ্ট লগইন” সুবিধাত গৈ এগৰাকী নতুন আবেদনকাৰী হিচাপে নিজকে পঞ্জীয়ন কৰিব লাগিব। ৱেবচাইটত উল্লেখ কৰা নিৰ্দেশাৱলী সমূহ অনুসৰণ কৰি প্ৰ-পত্ৰ পূৰণ কৰাৰ পাছত চেভ বুটাম টিপিব লাগিব। চেভ কৰাৰ পাছত, ছাত্ৰ-ছাত্ৰীয়ে এক অস্থায়ী পৰিচয় লাভ কৰিব। প্ৰ-পত্ৰৰ পৰৱৰ্তী অংশত প্ৰৱেশ কৰাৰ বাবে প্ৰ-পত্ৰৰ নিৰ্দিষ্ঠ ঠাইত এই অস্থায়ী পৰিচয় আৰু জন্মৰ তাৰিখ উল্লেখ কৰিব লাগিব। প্ৰ-পত্ৰ পূৰণৰ পাছত অৱশেষত চাবমিট বুটাম টিপাৰ লগে লগে যদি প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া সফল হোৱাটো দৰ্শাই, লগে লগে এক স্থায়ী পৰিচয় সৃষ্টি হব যি চলিত পাঠ্যক্ৰম বৰ্ষত আবেদনৰ স্হিতিৰ বিষয়ে জানিব পাৰিব আৰু পৰিৱৰ্তী বৰ্ষ সমূহত নৱীকৰণৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰিব পাৰিব।

নৱীকৰণঃযি সকল ছাত্ৰ-ছাত্ৰীয়ে এন.এছ.পি.ৰ জৰিয়তে বিগত বৰ্ষত জলপানি লাভ কৰিছে আৰু একেটা পাঠ্যক্ৰমেই আগন্তুক বৰ্ষতো অধ্যয়ন কৰাৰ প্ৰয়োজন আছে ইয়াক নৱীকৰণ হিচাপে বিবেচনা কৰা হব। যিহেতু ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যেই বিগত পাঠ্যক্ৰম বৰ্ষতে জলপানিৰ বাবে আবেদন কৰিছিল, এনে ক্ষেত্ৰত বাহাল থকা আবেদন প্ৰ-পত্ৰৰ সবিশেষ যেনে- প্ৰ-পত্ৰ পৰিচয়(আই.ডি.) আৰু জন্মৰ তাৰিখ, যি বিগত বৰ্ষতে আবেদনৰ সময়ত উল্লেখ কৰা হৈছিল। প্ৰ-পত্ৰ পৰিচয় পাহৰি গলেও ইয়াক উদ্ধাৰ কৰাৰ ব্যৱস্থা আছে। এন.এছ.পি.ৰ পৰা বিগত বৰ্ষত জলপানিৰ ধন লাভ কৰা সকলেহে আচলতে নৱীকৰণৰ বাবে আবেদন কৰিব পাৰিব।

অনলাইন আবেদন কৰিবৰ বাবে, www.scholarships.gov.inৱেবচাইটত প্ৰৱেশ কৰক।

ৱেবচাইটত প্ৰৱেশ কৰক।

অনলাইনঃ হয়

পূৰণ কৰিবলগীয়া আবেদন প্ৰ-পত্ৰ

 www.scholarships.gov.in পৰ্টেলৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব।

কাক যোগাযোগ কৰিব লাগিব

আবেদনকাৰীয়ে কাৰিকৰী সহায়ৰ বাবে ইয়াৰ হেল্প-ডেস্কক যোগাযোগ কৰিব পাৰে।

যোগাযোগ নং- ০১২০-৬৬১৯৫৪০