মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

মহিলা আৰু শিশু কল্যাণ

অৱলোকন

মহিলা আৰু শিশুৰ বাবে কোনো উন্নয়নমূলক কাৰ্য্যক্ৰম নাথাকিলে তেনে সমাজত ন্যায়, সমতা বা ব্যাপক সামাজিক আৰু অৰ্থনৈতিক উন্নয়ন সাধন কৰাটো কেতিয়াও সম্ভৱ নহয়।

ভাৰতীয় সংবিধান ব্যৱস্থাই মহিলা সকলক বিভিন্ন ক্ষেত্ৰত সমতা প্ৰদানৰ বাবে এক আইনী সংৰচনাও তৈয়াৰ কৰিছে আৰু ইয়াৰ অধীনতেই সমাজ কল্যাণ বিভাগে মহিলা আৰু শিশুৰ উন্নয়নৰ বাবে কাৰ্য্য পন্থা হাতত লয়। অসম চৰকাৰে মহিলা আৰু শিশুক মূল ধাৰালৈ ঘুৰাই আনিবৰ বাবে নিৰন্তৰ নতুন নতুন কৌশল গ্ৰহণ কৰি আহিছে।

বিভাগীয় কাৰ্য্যসূচী

মহিলা আৰু শিশুৰ বিকাশৰ বাবে সমাজ কল্যাণ বিভাগে পৰিকল্পনা, নীতি আৰু কাৰ্য্যক্ৰম তৈয়াৰ কৰাৰ উপৰিও, আইন-কানুন প্ৰস্তুত আৰু সংশোধন কৰে, মহিলা আৰু শিশু উন্নয়ন সম্পৰ্কীয় পদেক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু বেচৰকাৰী সংগঠনক পৰামৰ্শ প্ৰদান কৰাৰ লগতে সকলো ক্ষেত্ৰতে সমন্বয়ৰক্ষীৰ ভূমিকাও পালন কৰে। এই সকলো ক্ষেত্ৰতে এক প্ৰধান ভূমিকা পালন কৰাৰ উপৰিও সমাজ কল্যাণ বিভাগে মহিলা আৰু শশুৰ বাবে কিছুমান উদ্ভাৱনী কাৰ্য্যক্ৰসূচীও ৰূপায়ন কৰে।

বিভাগৰ বিভিন্ন আঁচনি আৰু কাৰ্য্যসূচীৰ ভিতৰত প্ৰধানকৈ অংগণবাদী কেন্দ্ৰ সমূহক সম্প্ৰদায় কেন্দ্ৰ হিচাপে গঢ়ি তোলা, যাতে গৰ্ভৱতী মহিলা আৰু স্তনপান কৰোৱা মহিলা সকলৰ লগতে শিশু সকলৰো সামগ্ৰীক বিকাশৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিব পাৰি।

মহিলা আৰু শিশু সকলৰ কাৰ্য্যসূচী সমূহ তলত উল্লেখ কৰা হল-