মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

মহিলা আৰু শিশু কল্যাণ

মহিলা কল্যাণ

সমাজ কল্যাণ বিভাগে মহিলা সকলৰ উন্নয়নৰ হকে পদক্ষেপ গ্ৰহণ কৰিবলৈ আগুৱাই আহিছে।

তলত উল্লেখ কৰা আঁচনি সমূহ অসমৰ মহিলা সকলৰ সৰ্বাংগীন কল্যাণৰ হকেই গ্ৰহণ কৰা হৈছেঃ

কিশোৰী সৱলীকৰণৰ বাবে ৰাজীৱ গান্ধী আঁচনি- এছ.এ.বি.এল.এ.

কিশোৰী সৱলীকৰণৰ বাবে ৰাজীৱ গান্ধী আঁচনি হৈছে এক কেন্দ্ৰীয় চৰকাৰৰ আঁচনি যি ২০১১চনৰ এক এপ্ৰিল তাৰিখে কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনত আৰম্ভ কৰা হৈছিল।

এই আঁচনিৰ উদ্দেশ্য সমূহ হলঃ

  1. কিশোৰী সকলক স্ব-উন্নয়ন আৰু সৱলীকৰণৰ বাবে সহায় কৰা।
  2. তেঁওলোকৰ স্বাস্থ্য আৰু পুষ্টিৰ বিকাশ ঘটোৱা।
  3. স্বাস্থ্য, পুষ্টি, স্বাস্থ্যবিজ্ঞান, কিশোৰী অৱস্থাত প্ৰজনন আৰু যৌন স্বাস্থ্য(এ.আৰ.এছ.এইচ.) আৰু লগতে মহিলা আৰু শিশুৰ যত্ন সম্পৰ্কত সজাগতা সৃষ্টি কৰা।
  4. গৃহ ভিত্তিক দক্ষতা, জীৱন দক্ষতাৰ উন্নিতকৰণৰ লগতে বৃত্তিগত দক্ষতা বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় দক্ষতা বিকাশ কাৰ্য্যক্ৰমৰ(এন.এছ.ডি.পি.) সৈতে সংযুক্ত কৰা।
  5. মুখ্য ধাৰাৰ বাহিৰত থকা কিশোৰী সকলক আনুষ্ঠানিক বা অনানুষ্ঠানিক শিক্ষাৰ ভিতৰত প্ৰৱেশ কৰোৱা।
  6. বাহাল থকা সেৱা সমূহ যেনে, পি.এইচ.চি., চি.এইচ.চি., ডাকঘৰ, বেংক, আৰক্ষী থানাৰ বিষয়ে তথ্যা প্ৰদান কৰা বা পৰামৰ্শ আগবঢ়োৱা।

নতুন আঁচনি উজ্জ্বলা

ই হৈছে সৰবৰাহ প্ৰতিৰোধ আৰু উদ্ধাৰ, বাণিজ্যক যৌন শোষণৰ বাবে সৰবাৰাহ কৰা ভুক্তভোগীক পুনৰ সংস্থাপন আৰু আত্মীয়কৰণ আদিৰ বাবে এক ব্যাপক আঁচনি।

এই আঁচনিৰ উদ্দেশ্য সমূহ হল-

  1. বাণিজ্যিক যৌন শোষণৰ বাবে শিশু আৰু মহিলা সৰবৰাহ কৰা কাৰ্য্যক প্ৰতিৰোধ কৰিবলৈ সামাজিক বিস্তাৰকৰণ কৰাৰ লগতে স্থানীয় সম্প্ৰদায় সমূহক জড়িত কৰা, সজাগতা সৃষ্টি কৰা, সভা আদি আয়োজন জৰিয়তে বক্তৃতা প্ৰদান কৰা আৰু ইয়াৰ বাবে সকলো উদ্ভাৱনী পদক্ষেপ গ্ৰহণ কৰা।
  2. শোষণস্থলীৰ পৰা উদ্ধাৰ কৰাৰ বাবে উদ্ধাৰকাৰী কাৰ্য্য পৰিচালনা কৰা আৰু ভুক্তভোগী সকলক নিৰাপদ স্থানত আশ্ৰয় প্ৰদান কৰা।
  3. বুনিয়াদী প্ৰয়োজন/সা-সুবিধা যেনে, আশ্ৰয়, খাদ্য, বস্ত্ৰ, পৰামৰ্শ প্ৰদানৰ লগতে চিকিত্সা সেৱা প্ৰদান কৰা আৰু লগতে আইনী পৰামৰ্শ আৰু সহায় আগবঢ়োৱাৰ জৰিয়তে ভুক্তভোগী সকলক ততকালীন আৰু দীৰ্ঘম্যাদি পুনৰসংস্থাপনৰ সুবিধা প্ৰদান কৰা।
  4. ভুক্তভোগী সকলক বহল ভিত্তিত পৰিয়াল তথা সমাজৰ সৈতে আত্মীয়কৰণৰ সুবিধা প্ৰদান কৰা।
  5. সীমাৰ সিপাৰৰ ভুক্তভোগী সকলক নিজ দেশলৈ প্ৰত্যাৱৰ্তন কৰোৱাৰ ব্যৱস্থা কৰা।

অধিক জানিবৰ বাবে তলৰ লিংকটো দিয়া হল-

উজ্জ্বলা আঁচনিঃ ক্লিক কৰক

মহিলা হেল্পলাইন

এই হেল্পলাইনৰ উদ্দেশ্য হল হিংসাৰ সৈতে প্ৰভাৱিত মহিলাক ততকালীন আৰু আপাতকালীন ভাৱে ২৪ঘণ্টাই এক বিশেষ ফোন নম্বৰৰ জৰিয়তে(আৰক্ষী থানা, চিকিত্সালয়ৰ কৰ্তৃপক্ষৰ সৈতে সংযোগ স্থাপনৰ জৰিয়তে) সমগ্ৰ দেশতে অব্যাহত থকা মহিলা সকলৰ বিশেষ চৰকাৰী আঁচনি সমূহৰ বিষয়ে তথ্য প্ৰদান কৰা আৰু পৰামৰ্শ আগবঢ়োৱা।

অধিক জানিবৰ বাবে তলৰ লিংকটো দিয়া হল-

মহিলা হেল্পলাইনঃ ক্লিক কৰক

কৰ্মৰত মহিলাৰ আৱাস

বৃত্তিগত কাৰণত পৰিয়ালৰ পৰা আতৰত থাকি কাৰ্য্য সম্পাদন কৰা মহিলা সকলৰ বাবে সুৰক্ষিত আৰু সুবিধাজনক স্থানত অৱস্থিত আৱাসৰ উপলব্ধতাৰ বিষয়ে প্ৰচাৰ কৰিবলৈ কৰ্মৰত মহিলাৰ আৱাস আঁচনি সংশোধনো কৰা হৈছে।

উদ্দেশ্য

মহিলা নিয়োগৰ সম্ভাৱনা থকা যথা সম্ভৱ সকলো স্থান যেনে চহৰ, নগৰ, অৰ্ধ চহৰ আনকি গাঁৱতো সুৰক্ষিত আৰু সুবিধাজনক স্থানত কৰ্মৰত মহিলাৰ বাবে উপলব্ধ আৱাস ব্যৱস্থাৰ বিষয়ে প্ৰচাৰ চলোৱা, যি স্থানত দিনৰ ভাগত শিশু সকলৰ যত্ন লোৱাও হয়। এই লক্ষ্যত উপনীত হবলৈ উক্ত আঁচনিয়ে নতুন আৱাস ভৱন নিৰ্মাণ, পুৰণা আৱাস ভ্ৰমণৰ সম্প্ৰসাৰণ আুৰু আৱাস গৃহৰ বাবে আন ভৱন ভাড়াত লোৱা আদি সকলো ক্ষেত্ৰতে সহায়তা আগবঢ়াই। এই আঁচনিৰ অধীনষ্ঠ আৱাস গৃহ, জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোকে প্ৰদান কৰা হয়, কিন্তু অচঁনিত উল্লেখিত নিৰ্ধাৰিত অনুসৰিহে এই আৱাস সমূহ প্ৰদান কৰা হয়। যিহেতু এই আৱাস গৃহ সমূহ কৰ্মৰত মহিলাৰ বাবেহে, চাকৰিৰ বাবে প্ৰশিক্ষণৰত মহিলা সকলেও ইয়াৰ সুবিধা লাভ কৰিব পাৰে, কিন্তু মন কৰিব লগীয়া যে আঁচনিৰ অধীনষ্ঠ নিয়ম অনুযায়ী আৱাসৰ মুঠ আসনৰ ৩০শতাংশহে এনে প্ৰশিক্ষাৰ্থী মহিলাৰ বাবে উপলব্ধ আৰু সেইয়াও সম্ভৱ যতিয়া পৰ্য্যাপ্ত সংখ্যক কৰ্মৰত মহিলা উপস্থিত নাথাকে। ছোৱালীক ১৮বছৰ বয়সলৈ আৰু লৰা শিশুক ৫বছৰ বয়সলৈ কৰ্মৰত মাতৃসকলে এনে আৱাস গৃহ সমূহত ৰাখিব পাৰিব।

অধিক জানিবৰ বাবে তলৰ লিংকটো দিয়া হল-

কৰ্মৰত মহিলাৰ আৱাসঃ ক্লিক কৰক