মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

মহিলা সহায়ক কেন্দ্ৰ আৰু হেল্পলাইন

মহিলা হেল্পলাইন

এই হেল্পলাইনৰ উদ্দেশ্য হল হিংসাৰ সৈতে প্ৰভাৱিত মহিলাক ততকালীন আৰু আপাতকালীন ভাৱে ২৪ঘণ্টাই এক বিশেষ ফোন নম্বৰৰ জৰিয়তে(আৰক্ষী থানা, চিকিত্সালয়ৰ কৰ্তৃপক্ষৰ সৈতে সংযোগ স্থাপনৰ জৰিয়তে) সমগ্ৰ দেশতে অব্যাহত থকা মহিলা সকলৰ বিশেষ চৰকাৰী আঁচনি সমূহৰ বিষয়ে তথ্য প্ৰদান কৰা আৰু পৰামৰ্শ আগবঢ়োৱা।

উদ্দেশ্যাৱলী

এই আঁচনিৰ উদ্দেশ্যসমূহ হলঃ

  • হিংসাৰ বলি হোৱা সহায় আৰু তথ্য বিচাৰা মহিলা সকলৰ বাবে ২৪ঘণ্টীয়া বিনামূলীয়া টেলিকম সেৱা।
  • সংকটজনক বা সংকট বিহীন হস্তক্ষেপৰ সুবিধা প্ৰদানৰ বাবে সঠিক কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰোৱা যেনে-আৰক্ষী/চিকিত্সালয়/এম্বোলেন্স সেৱা/জিলা ন্যায়িক সেৱা কৰ্তৃপক্ষ(ডি.এল.এছ.এ.)/সুৰক্ষা বিষয়া(পি.ও.)/ও.এছ.চি.।
  • হিংসাৰ বলি হোৱা মহিলা সকলৰ বাবে তেঁও বসবাস কৰা বা কৰ্ম কৰা স্থানীয় এলেকাত কোনো নিৰ্দিষ্ট পৰিস্থিতিত উপলব্ধ সঠিক সঁহাৰি সেৱা, চৰকাৰী আঁচনি আৰু কাৰ্য্যক্ৰমৰ তথ্য যোগান ধৰা।
অধিক জানিবৰ বাবে তলৰ লিংকটো দিয়া হলঃক্লিক কৰক

কৰ্মৰত মহিলাৰ আৱাস

দেশৰ আৰ্থ-সামাজিক উন্নয়নমূলক পৰিবৰ্তনৰ ফল স্বৰূপে চহৰ, নগৰ অথবা গাঁও অঞ্চলৰ উদ্যোগীক থোপ সমূহত কৰ্ম সংস্থাপন বিচাৰি বাহিৰলৈ ওলাই অহা মহিলাৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। এনেতে এই মহিলা সকলে সন্মুখীন হোৱা এক বৃহত্ প্ৰত্যাহ্বান হৈছে তেওঁলোকৰ বাবে সুৰক্ষিত আৰু সুবিধাজনক স্থানত আৱাসৰ অভাৱ। এই ক্ষেত্ৰত দায়বদ্ধতা প্ৰদৰ্শন কৰি কেন্দ্ৰীয় চৰকাৰে ১৯৭২-৭৩ চনত মহিলা নিয়োগৰ সম্ভাৱনা থকা সকলো ঠাইতে অৰ্থাত্ চহন, নগৰ আনকি গ্ৰাম্যঞ্চলতো নতুনকৈ মহিলা আৱাস আৰু লগতে পুৰণা মহিলা আৱাস সম্প্ৰাসাৰণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে। এক মূল্যাংকণৰ ভিত্তিত এই আঁচনিৰ সংশোধন কৰি সুৰক্ষিত আৰু সুবিধাজনক স্থানত উপাৰ্জনৰ বাবে নিজ ঘৰৰ পৰা আঁতৰত থকা মহিলা সকলৰ বাবে এনে আৱাস উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে।

অধিক জানিবৰ বাবে তলৰ লিংকটো দিয়া হলঃ ক্লিক কৰক

সংকটত থকা মহিলা আৰু শিশু সকলক সহায় আগবঢ়াবৰ বাবে উপলব্ধ আপাতকালীন হেল্পলাইন নম্বৰ সমূহ হৈছে সম্পূৰ্ণ বিনামূলীয়া।

 

হেল্পলাইন নম্বৰটো হৈছেঃ ১০৯৮, শিশুৰ বাবে