মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

শিশু তত্বাৱধান একক, এছ.আৰ.চি.ডব্লিও.

শিশু তত্বাৱধান প্ৰতিষ্ঠান বোৰ কি?

শিশু তত্বাৱধান প্ৰতিষ্ঠান(চি.চি.আই.) সমূহ হৈছে চৰকাৰ বা বেচৰকাৰী সংগঠন অথবা স্বচ্চাসেৱী সংগঠনৰ দ্বাৰা প্ৰৱন্ধিত আৰু পৰিচালিত প্ৰতিষ্ঠান। এক নিৰ্দিষ্ট প্ৰয়োজনত কিশোৰ ন্যায়(শিশুৰ সুৰক্ষা আৰু তত্বাৱধান) আইন, ২০১৫ৰ অধীনত পঞ্জীকৃত আৰু অনুমোদিত চি.চি.আই. বা অন্য প্ৰতিষ্ঠান আদি শিশুক হৰ্ষম্যাদি বা দীৰ্ঘম্যাদি আশ্ৰয় প্ৰদান কৰিবৰ বাবে আগবাঢ়ি আহে।

অসমত থকা শিশু তত্বাৱধান প্ৰতিষ্ঠান সমূহ চৰকাৰ আৰু বেচৰকাৰী সংগঠনে পৰিচালনা কৰে। ৩৩ চি.চি.আই. আৰু ৩টা মুক্ত আশ্ৰয় গৃহই সংযুক্ত শিশু সুৰক্ষা আঁচনিৰ(আই.চি.পি.এছ.) অধীনত চৰকাৰী সাহাৰ্য্য লাভ কৰি আহিছে।

আই.চি.পি.এছ..ৰ অধীনত চৰকাৰৰ দ্বাৰা পৰিচালিত নিৰীক্ষণ আৱাসৰ তালিকা
ক্ৰ. নং.নিৰীক্ষণ আৱাসঠিকনাজিলা
নগাওঁৰ ছোৱালীৰ বাবে নিৰীক্ষণ আৱাসপানীগাওঁ চাৰিআলি, পো.অ.- ইটাচালি, নগাওঁ- ৭৮২০০১নগাওঁ
জালুকবাৰী ছোৱালীৰ বাবে নিৰীক্ষণ আৱাসসুন্দৰবাৰী, জালুকবাৰী, গুৱাহাটী- ১৪কামৰূপ মহানগৰ
যোৰহাট ছোৱালীৰ বাবে নিৰীক্ষণ আৱাসযোৰহাট লিচুবাৰীযোৰহাট
বকো ছোৱালীৰ বাবে নিৰীক্ষণ আৱাসবামুনী গাওঁ, বকোকামৰূপ মহানগৰ
শিলচৰ ছোৱালীৰ বাবে নিৰীক্ষণ আৱাসমেহেৰপুৰ, শিলচৰকাছাৰ
আই.চি.পি.এছ..ৰ অধীনত চৰকাৰৰ দ্বাৰা পৰিচালিত শিশু আৱাস
 শিশু আৱাসঠিকনাজিলা
লৰাৰ বাবে শিশু আৱাসফটাশিল আমবাৰী, গুৱাহাটী- ২৫কামৰূপ মহানগৰ
জালুকবাৰী ছোৱালীৰ বাবে শিশু আৱাসসুন্দৰবাৰী, জালুকবাৰী, গুৱাহাটী- ১৪কামৰূপ মহানগৰ
লক্ষীমপুৰ লৰাৰ বাবে শিশু আৱাসচিনাতলীয়া, উত্তৰ লক্ষীমপুৰলক্ষীমপুৰ
নগাওঁ ছোৱালীৰ বাবে শিশু আৱাসপানীগাওঁ চাৰিআলি, পো.অ.- ইটাচালি, নগাওঁ- ৭৮২০০১নগাওঁ

মহিলাৰ বাবে ৰাজ্যিক সমল কেন্দ্ৰঃ

ভাৰত চৰকাৰৰ লক্ষ্য হৈছে মহিলা সকলৰ সামগ্ৰীক উন্নয়ন সাধনকাৰী প্ৰক্ৰিয় সমূহক শক্তিশালী কৰা। আৰু এই উদ্দেশ্যৰেই প্ৰস্তুত কৰা হৈছিল “মহিলা সৱলীকৰণৰ ৰাষ্ট্ৰীয় অভিযান”(এন.এম.ই.ডব্লিও.) আঁচনি খন। এই এন.এম.ই.ডব্লিও. আচঁনি খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চল সমূহত ৰাজ্যিক সমল কেন্দ্ৰ সমূহৰ(এছ.আৰ.চি.ডব্লিও.) জৰিয়তে বাস্তৱায়িত কৰা হব। পূৰ্ণ শক্তি কেন্দ্ৰ(পি.এছ.কে.), গাঁও পৰ্য্যায়ত অভিসৃত আৰু সুগমতা সেৱা(ভি.চি.এছ.এফ.) আদি সকলো উক্ত আঁচনিৰ পৰিধিৰ অন্তৰ্গত।

ৰাজ্যিক পৰ্য্যায়ত, ৰাজ্য চৰকাৰৰ(ডব্লিও.ডি.চি./সমাজ কল্যাণ বিভাগ) অধীনষ্ঠ ৰাজ্যক মহিলা সমল কেন্দ্ৰই ৰাজ্যক পৰ্য্যায়/কেন্দ্ৰীয় শাসিত অঞ্চল স্তৰত প্ৰভাৱশালী সমন্বয়ৰ জৰিয়তে লিংগ সচেতনতা মূলক কাৰ্য্যক্ৰম, আইন আৰু আঁচনি আদি ৰূপায়ন কৰাৰ ক্ষেত্ৰত কাৰ্য্য কৰিব। বাহাল থকা আইন-কানুন, আঁচনি, নীতি তথা কাৰ্য্যক্ৰম সমূহ এছ.আিৰ.ডব্লিও.এছ.এ পৰ্য্যালোচনা তথা মূল্যাংকণো কৰিব পাৰে যাতে বহুক্ষেত্ৰীয় প্ৰকৃতিৰ কাৰ্য্যাৱলী সমূহ সৌহাদ্যপূৰ্ণতাৰে মহিলা হিতাধিকাৰী সকলৰ ওচৰলৈ নিব পাৰি।

এছ.আৰ.চি.ডব্লিও.এ ইয়াৰ প্ৰধান অংশীদাৰ সকলৰ সৈতে মত-বিনিময় কৰি মহিলা সকলৰ সমস্যা সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ বাবে ৰাজ্যিক ক্ৰীয়া পৰিকল্পনা তৈয়াৰ কৰিব আৰু কাৰিকৰী সহায় প্ৰদান কৰিব আৰু লগতে ৰাজ্যিক কাৰ্য্য বলৰ সৈতে কাৰ্য্যৰত অৱস্থাত বি.বি.বি.পি. আঁচনি ৰূপায়নৰ ক্ষেত্ৰতো সমন্বয় ৰক্ষা কৰিব।

ৰাজ্যক মহিলাৰ সমল কেন্দ্ৰৰ ঠিকনা আৰু যোগাযোগৰ সবিশেষ
ৰাজ্যিক প্ৰকল্প সমন্বয়ৰক্ষী
শ্ৰী অশ্চিনী কুমাৰ পেগু, এ.চি.এছ.,
ফোন নং- ৯৪৩৫০৫১৯১৯
ৰাজ্যিক মহিলা সমল কেন্দ্ৰ, অসম
নেত্ৰালয়ৰ সমীপত, বেলতলা, গুৱাহাটী-২৮
ইমেইলঃ srcwassam@gmail.com