মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

আই.চি.ডি.এছ.ৰ অধীনষ্ঠ সাংবিধানিক কৰ্তৃপক্ষ

আই.চি.ডি.এছ.ৰ সঠিক ৰূপায়নৰ প্ৰতি সঁহাৰি জনাবলৈ বাবে ৰাজ্য চৰকাৰে আন্তঃবিভাগীয় অভিসৰণৰ বাবে বিভিন্ন স্তৰত সুকীয়া সুকীয়া সাংবিধানিক কৰ্তৃপক্ষৰ সৃষ্টি কৰিছে। সংবিধানৰ সবিশেষ, সঘনাই সভা অনুষ্ঠিত কৰা আৰু সমন্বয় ভিত্তিক কাৰ্য্যকলাপৰ বাবে এই কমিটি সমূহৰ দায়িত্ব আৰু দায়বদ্ধতাৰ বিষয়ে উল্লেখ কৰি ৰাজ্য চৰকাৰে এই কমিটি সমূহলৈ জাননী প্ৰেৰণ কৰিছে।

আই.চি.ডি.এছ.ৰ আৰ্হি অনুসৰি অভিসৰণ আৰু সমন্বয় হৈছে ইয়াৰ অবিচ্ছেদ্য অংগ আৰু এইটো সত্য যে ইয়াৰ ফলপ্ৰসূ ৰূপায়ন নিৰ্ভৰ কৰে আন্তঃবিভাগীয় আৰু আন্তঃঅনুশাসনাত্মক চেষ্টাৰ ওপৰত যিহেতু ইয়াৰ আঁচনি সমূহ পৰস্পৰে-পৰস্পৰৰ সৈতে সংযুক্ত আৰু আই.চি.ডি.এছ.ৰ অধীনষ্ঠ হিতাধিকাৰীসকলো একে। আই.চি.ডি.এছ.এ নিজ লক্ষ্যত উপনীত হবলৈ হলে ইয়াৰ সেৱা প্ৰদানৰ ক্ষেত্ৰত বিভিন্ন বিভাগ যেনে-স্বাস্থ্য, শিক্ষা, জনস্বাস্থ্য কাৰিকৰী বিভাগ, পি.আৰ.আই. ইত্যাদি বিভাগ সমূহ জড়িত হোৱাটো প্ৰয়োজন। এই ক্ষেত্ৰত সঠিক সমন্বয় গঢ়ি তুলিবলৈ অসম চৰকাৰে কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ অনুসৰণ কৰি বিভিন্ন স্তৰত সুকীয়া সুকীয়া সমিতি গঠন কৰিছে। এইবোৰ তলত উল্লেখ কৰা হল-

ৰাজ্যিক পৰ্য্যায়ৰ সমন্বয়ৰক্ষী সমিতি

কাৰ্য্যক্ৰম সমূহৰ সৈতে সমন্বয় স্থাপন কৰা আৰু বিভিন্ন বিভাগে আই.চি.ডি.এছ.ক প্ৰদান কৰিব লগীয়া সুচল সেৱাৰ ধাৰা আৰু লগতে সমলৰ বিষয়ে নিশ্চয়তা প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰে এই ৰাজ্যিক পৰ্য্যায়ৰ সমন্বয় সমিত গঠন কৰিছিল। এই সমিতিয়ে ৰাজ্যত আই.চি.ডি.এছ.ৰ অগ্ৰগতিৰ অৱলোকন কৰাৰ উপৰিও ইয়াৰ সঠিক ৰূপায়নৰ বাবে পৰামৰ্শও প্ৰদান কৰে।

ৰাজ্যিক পৰ্য্যয়ৰ পৰামৰ্শ প্ৰদান সমিতিয়ে সমাজ কল্যাণ বিভাগৰ অধীনত এ.ডব্লিও.চি.ৰ ভৱন নিৰ্মাণ কাৰ্য্য নিৰীক্ষণ আৰু পৰ্য্যবেক্ষণ কৰে।

এ.ডব্লিও.চি.ৰ ভৱন নিৰ্মাণৰ অগ্ৰগতিৰ বিষয়ে বুজ লবলৈ প্ৰতি তিনিমাহৰ মূৰত সমিতি মিলিত হয়।

জিলা পৰ্য্যায়ৰ সমন্বয়ৰক্ষী সমিতি

এই সমিতি সমূহে আই.চি.ডি.এছৰ সৈতে জড়িত বিভাগ সমূহৰ সৈতে সমন্বয় স্থাপন কৰি আৰু এই বিভাগ সমূহৰ পৰা লাভ কৰিব লগীয়া সুচল সেৱাৰ ধাৰা সুনিশ্চিত কৰে আৰু লগতে পৰিপূৰক পুষ্টিৰ পৰিমান আৰু মাণদণ্ডৰ আৰু সময়মতে ইয়াৰ বিতৰণ হোৱা দিশটোও পৰ্য্যবেক্ষণ কৰে।

এই সমিতিয়ে প্ৰতি তিনিমাহৰ মূৰত বা প্ৰয়োজন সাপেক্ষে তাতোকৈ অধিক বাৰ মিলিত হয় আৰু সঠিক পদক্ষেপ গ্ৰহণ কৰাৰ বাবে প্ৰতিখন সভাৰ সবিশেষ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰে। জিলা প্ৰৰ্য্যায়ৰ সমন্বয় সমিতিৰ বিষয়া সকলৰ দায়িত্ব কাৰ্য্যক্ৰম মানচিত্ৰকৰণ ভিত্তিক।

জিলা পৰ্য্যায়ৰ পৰ্য্যবেক্ষণ, পৰিদৰ্শন আৰু অৱলোকন সমিতি

এই সমিতি সকলো জিলাৰ বাবে গঠন কৰা হয়(ষষ্ঠ অনুসুচীৰ অন্তৰ্গত এলেকা সমূহকো সামৰা হয়)।

এই সমিতিয়ে প্ৰতি তিনিমাহৰ পৰিৱৰ্তে প্ৰতি ছমাহৰ মূৰত(সংশোধিত) মিলিত হয় আৰু সংশ্লিষ্ট জিলাৰ বাবে আঁচনি ৰূপায়নৰ বিষয়ে ঘোষনা কৰে, ইয়াৰোপৰি সভাৰ সবিশেষ ৰাজ্য চৰকাৰক প্ৰদান কৰে।

অংগণবাদী কেন্দ্ৰৰ ভৱন নিৰ্মাণ কাৰ্য্যৰ বাবে জিলা পৰ্য্যায় পৰ্য্যবেক্ষণ সমিতি

২০০৯চনৰ ১৯মাৰ্চ তাৰিখে চৰকাৰে এই সমিতি গঠন কৰিছিল।

খণ্ড পৰ্য্যায়ৰ সমন্বয়ৰক্ষী সমিতি

সমিতিৰ সদস্য সচিবে, সেইয়া হল শিশু বিকাশ প্ৰকল্প বিষয়া, এছ.এন.পি./আই.চি.ডি.এছ. আৰু অন্য আঁচনি যেনে প্ৰতিবন্ধী আঁচনিৰ অধীনত গ্ৰহণ কৰা কাৰ্য্যাৱলীৰ সবিশেষ সমিতিৰ আগত দাঙি ধৰে আৰু এখন সুকীয়া পঞ্জীয়ন বহীৰ জৰিয়তে সমিতিৰ কাৰ্য্যপ্ৰণালী সমূহ নথিভুক্ত কৰি ৰাখে। এই সমিতিয়ে সঘনাই মিলিত হয়। সমিতিৰ সদস্য সচিবে সভাৰ সবিশেষ চৰকাৰলৈ প্ৰেৰণ কৰে যাতে সঠিক পদক্ষেপ গ্ৰহণ কৰা হয়।

খণ্ড পৰ্য্যায়ৰ পৰিদৰ্শন আৰু পৰ্য্যবেক্ষণ সমিতি

সমিতিৰ সদস্য সচিবে এছ.এন.পি./আই.চি.ডি.এছ.ৰ অধীনত গ্ৰহণ কৰা কাৰ্য্যাৱলীৰ সবিশেষ সমিতিৰ আগত দাঙি ধৰে আৰু এখন সুকীয়া পঞ্জীয়ন বহীৰ জৰিয়তে সমিতিৰ কাৰ্য্যপ্ৰণালী সমূহ নথিভুক্ত কৰি ৰাখে।

প্ৰতি তিনিমাহত এবাৰকৈ সমিতি মিলিত হয়। চি.ডি.পি.ও.ই সভাৰ সবিশেষ সংশ্লিষ্ট জিলা সমাজ কল্যাণ আৰু খণ্ড কাৰ্য্যক্ৰম বিষয়াক প্ৰদান কৰে।

গাওঁ পঞ্চায়ত পৰ্য্যায়ৰ সমন্বয়ৰক্ষী সমিতি

এই সমিতিয়ে আই.চি.ডি.এছ.ৰ সৈতে জড়িত বিভাগ সমূহৰ কাৰ্য্যক্ৰমৰ সৈতে সমন্বয় ৰক্ষা কৰে আৰু গাঁও পৰ্য্যায়ৰ অংগণবাদী কেন্দ্ৰৰ প্ৰকল্প এলেকাত সুচল সেৱাৰ ধাৰা সুনিশ্চিত কৰে। নিৰ্ধাৰিত সময়ত এছ.এন.পি., আৰু আই.চি.ডি.এছ.ৰ সমল সমূহৰ বিতৰণ আৰু লগতে এ.ডব্লিও.চি.ৰ নিৰ্মাণকাৰ্য্য আৰু সমাজ কল্যাণ বিভাগৰ অধীনষ্ঠ আঁচনি সমূহৰ ৰূপায়ন পৰ্য্যবেক্ষণ কৰে। আঁচনি সমূহ ৰূপায়ন কৰাৰ বাবে সমিতিয়ে নিয়মীয়াকৈ চৰকাৰক উপদেশ প্ৰদান কৰে। জাননীত উল্লেখ কৰা ধৰণে জ্যেষ্ঠ পৰ্য্যবেক্ষকৰ দায়িত্ব কাৰ্য্যক্ৰম মানচিত্ৰকৰণ ভিত্তিক।

এই সমিতিয়ে মাহত এবাৰ বা প্ৰয়োজন সাপেক্ষে তাতোকৈ অধিকবাৰ মিলিত হয়। সমিতিৰ সভা গাঁও পঞ্চায়তৰ কাৰ্য্যালয়ত অনুষ্ঠিত হয় আৰু ইয়াৰ সদস্য সচিবে সভাৰ সবিশেষ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে।

অংগণবাদী কেন্দ্ৰ প্ৰৱন্ধন সমিতি(এ.ডব্লিও.চি.এম.চি.)

অংগণবাদী কেন্দ্ৰৰ ফলপ্ৰসূত কাৰ্য্যকলাপ আৰু এ.ডব্লিও.চি.ৰ প্ৰৱন্ধন ব্যৱস্থাত জনসাধাৰণৰ অংশগ্ৰহণ সুনিশ্চিত কৰাৰ বাবে অসম চৰকাৰে ৰাজ্যৰ সকলো আই.চি.ডি.এছ. প্ৰকল্প এলেকাত অংগণবাদী কেন্দ্ৰ প্ৰৱন্ধন সমিতি গঠন কৰিছিল।

ইয়াৰ গঠন কৰা দিনৰ পৰা দুবছৰলৈ এই সমিতিৰ কাৰ্য্যকাল নিৰ্দ্ধাৰণ কৰা হৈছে।

মাতৃ সহায়ক গোট (এম.এছ.জি.)

অংগণবাদী কেন্দ্ৰত পঞ্জীভুক্ত শিশুৰ মাতৃসকলক একেলগে মাতৃ সহায়ক গোট বুলি কোৱা হয় যি আই.চি.ডি.এছ.ৰ আঁচনি, হিতাধিকাৰীৰ সংহতি আৰু পৰামৰ্শ প্ৰদান ব্যৱস্থাৰ প্ৰৱন্ধন আৰু পৰ্য্যবেক্ষণৰ ক্ষেত্ৰত সহায়তা আগবঢ়াই।