মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

সংযুক্ত শিশু সুৰক্ষা আঁচনি

আই.চি.পি.এছ. কি?

আই.চি.পি.এছ বা সংযুক্তু শিশু সুৰক্ষা আঁচনি হৈছে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু মন্ত্ৰালয়ে প্ৰদান কৰা কেন্দ্ৰীয় আঁচনি যি ৰাজ্য চৰকাৰ আৰু সভ্য সামাজিক সংগঠনৰ(চি.এছ.ও.) সহায়ত ৰূপায়ন কৰা হয়।

আই.চি.পি.এছ.ৰ লক্ষ্য কি?

আই.চি.পি.এছ.ৰ লক্ষ্য হৈছে এক ব্যৱস্থা তৈয়াৰ কৰা যাৰ জৰিয়তে “শিশু অধিকাৰ সুৰক্ষা” আৰু “শিশুৰ শ্ৰেষ্ঠ প্ৰয়োজন” এই দুই বুনিয়াদী নীতিৰ আধাৰত পূৰ্ণ আৰু ফলপ্ৰসূ হিচাপে শিশু সুৰক্ষা প্ৰদান কৰা হয়।

আই.চি.পি.এছ.ৰ উদ্দেশ্যাৱলী?

  • দৰকাৰী সেৱা সমূহৰ আনুষ্ঠানিকতাকৰণ আৰু সংৰচনা শক্তিশালী কৰা।
  • সকলো পৰ্য্যায়তে ক্ষমতা বৰ্ধন কৰা।
  • শিশু সুৰক্ষা সেৱাৰ বাবে এক তথ্য আৰু জ্ঞান ভাণ্ডাৰ তৈয়াৰ কৰা।
  • পৰিয়াল আৰু সম্প্ৰদায় পৰ্য্যায়ত শিশু সুৰক্ষা শক্তিশালী কৰা।
  • সকলো পৰ্য্যায়ত সঠিক আন্তঃবিভাগীয় সঁহাৰি সুনিশ্চিত কৰা।
  • ৰাজহুৱা সচেতনতা বৃদ্ধি কৰা।

আই.চি.পি.এছ.ৰ পৰিচালন নীতি কি?

  1. শিশু সুৰক্ষা হৈছে পৰিয়াল আৰু আন আন অংশীদাৰ সকলৰ এক প্ৰাথমিক দায়িত্ব।
  2. ভালপোৱা প্ৰদান কৰা আৰু সঠিক যত্ন লোৱা পৰিয়াল হৈছে শিশুৰ বাবে শ্ৰেষ্ঠ স্থান।
  3. গোপনীয়তা।
  4. অ-কলংকৃতকৰণ আৰু অ-বৈষম্যতা।
  5. সংকট প্ৰতিৰোধ আৰু হ্ৰাসকৰণ।
  6. শিশুৰ আনুষ্ঠানিকতাকৰণ হৈছে শেষ আশ্ৰয়।
  7. শিশুকেন্দ্ৰীক পৰিকল্পনা আৰু ৰূপায়ন।
  8. কাৰিকৰী উতকৰ্ষতা, আচৰণ বিধি।
  9. স্থানীয় ব্যক্তিগত প্ৰয়োজনৰ প্ৰতি নমনীয় কাৰ্য্যক্ৰম, সঁহাৰি।
  10. সঠিক প্ৰশাসন, দায়বদ্ধতা আৰু দায়িত্ব।

আই.চি.পি.এছ.ৰ গুৰত্ব কত?

তলত উল্লেখ কৰা কাৰ্য্যক্ৰমৰ ওপৰত আই.চি.পি.এছ.এ গুৰুত্ব প্ৰদান কৰেঃ

  1. সংকটজনক পৰিস্থিতিত থকা পৰিয়াল আৰু শিশুৰ বাবে দৰকাৰী সেৱা আৰু প্ৰয়োজন নিৰ্ধাৰণ কৰা।
  2. সকলো পৰ্য্যায়তে শিশু সুৰক্ষাৰ পৰিকল্পনা প্ৰস্তুত কৰা- ৰাজ্যিক, জিলা, খণ্ড আৰু গাঁও।
  3. সেৱা প্ৰদান পদ্ধতিক শক্তিশালী কৰা আৰু সেৱাৰ মাণদণ্ড উন্নত কৰা।
  4. অনানুষ্ঠানিক পৰিয়াল ভিত্তিক তত্বাৱধান কাৰ্য্যক্ৰমৰ প্ৰচাৰ কৰা আৰু লগতে শক্তিশালী কৰা।
  5. সেৱা প্ৰদানকাৰী সকলৰ ক্ষমতা বৰ্ধন কৰা।
  6. জ্ঞান, সজাগতা আৰু প্ৰচাৰৰ দিশ শক্তিশালী কৰা।
  7. শিশুৰ বিষয়ে এক সংযুক্ত, জীৱন্ত আৰু ওৱেব-ভিত্তিক তথ্য ভাণ্ডাৰ তৈয়াৰ কৰা।
  8. পৰ্য্যবেক্ষণ আৰু মূল্যাংকণ।
  9. শিশু সুৰক্ষাৰ বাবে সকলো পৰ্য্যায়তে অংশীদাৰিত্ব সৃষ্টি কৰা আৰু আন আন কৰ্তৃপক্ষ তথা প্ৰতিষ্ঠানৰ সৈতে সম্পৰ্ক শক্তিশালী কৰা।

আই.চি.পি.এছ.ৰ জৰিয়তে কোন সকল লোক লাভান্বিত হব?

এই আঁচনিয়ে তলত উল্লেখ কৰা শ্ৰেণীৰ শিশুক লাভান্বিত কৰেঃ