মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

স্বায়ত্বশাসিত সংগঠন

মহিলা আয়ুক্তালয়

অসম ৰাজ্যিক মহিলা আয়ুক্তালয়

অসম ৰাজ্যিক মহিলা আয়ুক্তালয়ৰ সাংবিধানিক কাৰ্য্যাৱলী সমূহ হল-

  1. সংবিধান আৰু অন্য আইনৰ অধীনত প্ৰদান কৰা মহিলা সুৰক্ষা ব্যৱস্থাটোৰ তদন্ত কৰা আৰু পৰীক্ষণ কৰা।
  2. সুৰক্ষা ব্যৱস্থাৰ প্ৰচলনৰ বিষয়ে বাৰ্ষিক প্ৰতিবেদন প্ৰস্তুত কৰি অসম চৰকাৰক প্ৰদান কৰা বা অন্য সময়ত আয়ুক্তালয়ো ইয়াৰ বাবে উপযুক্ত হয়।
  3. ৰাজ্যৰ মহিলা সকলৰ স্থিতি উন্নয়নৰ বাবে সুৰক্ষা ব্যৱস্থাৰ ফলপ্ৰসূ ৰূপায়নৰ বাবে পৰামৰ্শ প্ৰদান কৰা আৰু ইয়াৰ বাবে প্ৰতিবেদন প্ৰস্তুত কৰা।
  4. সংবিধান ব্যৱস্থাৰ বাহাল থকা সুবিধা সমূহৰ উপৰিও আন আন আইন-কানুন সমূহ সময়ে সময়ে পৰ্য্যবেক্ষণ বা বিশ্লেষণ কৰা আৰু প্ৰয়োজন অনুসাৰে ইয়াৰ সংশোধনৰ পৰামৰ্শও প্ৰদান কৰা।
  5. মহিলা সম্বন্ধীয় সংবিধান বাহাল থকা ব্যৱস্থা বা অন্যান্য নিয়ম-কানুন সমূহ উলংঘা কৰা সকলৰ বিৰুদ্ধে সঠিক কৰ্তৃপক্ষৰ সৈতে মিলি উচিত ব্যৱস্থা গ্ৰহণ কৰা।
  6. অভিযোগ সমূহৰ প্ৰতি চকু ৰখা আৰু লগতে মহিলা অধিকাৰৰ পৰা বঞ্চিত হোৱা, মহিলা সুৰক্ষা সম্পৰ্কীয় আইন-কানুন ৰূপায়ন নকৰা, মহিলা সকলৰ কল্যাণ আৰু তেওঁলোকক সকাহ প্ৰদান সুনিশ্চিত কৰা নীতি-নিৰ্দেশনা বা পৰামৰ্শ নমনা ইত্যাদি বিষয় সমূহৰ বিপৰিতে চো-মোতো জাননী গ্ৰহণ কৰা।
  7. মহিলা সম্পৰ্কীয় সমস্যা সমূহৰ বিষয়ে বিশেষ অধ্যয়ন কৰা বা তদন্ত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা।
  8. সকলো ক্ষেত্ৰতে মহিলা সকলৰ প্ৰতিনিধিত্ব সুনিশ্চিত কৰিব পৰা পথৰ অনুসন্ধান কৰিবলৈ প্ৰচাৰগত আৰু শিক্ষাগত গৱেষণা কৰা আৰু মহিলা সকলক আগুৱাই যোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা উপাদান সমূহ চিনাক্ত কৰা।
  9. সম-অধিকাৰ সম্পৰ্কীয় আইন ভংগ কৰা, মহিলা অধিকাৰ আৰু সমান সুবিধা উপভোগৰ পৰা বঞ্চিত হোৱা আদি বিষয় সমূহত হস্তক্ষেপৰ জৰিয়তে লিংগ-সমতা স্থাপন কৰা।
  10. ৰাজ্যত হিংসাৰ বলি হোৱা মহিলা, সংকটত থকা মহিলা সকলক উপদেশ-পৰামৰ্শ আৰু সাহাৰ্য্য প্ৰদান কৰা।
  11. মহিলা সকলক বন্দী কৰি ৰখা জেইল বা এনে আন আন স্থান সমূহ পৰিদৰ্শন কৰা আৰু প্ৰয়োজন অনুসাৰে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে মিলি সংশোধনী ব্যৱস্থা গ্ৰহণ কৰা।
  12. বহু সংখ্যক মহিলাৰ ক্ষতি সাধন কৰা বিষয় সামৰি লোৱা পুঁজি গোচৰ; মহিলা সম্পৰ্কীয় যি কোনো বিষয় সম্পৰ্কে সময় সাপেক্ষ প্ৰতিবেদন চৰকাৰক প্ৰদান কৰা।

ৰাজ্যিক মহিলা সমল কেন্দ্ৰৰ ঠিকনা আৰু যোগাযোগৰ স-বিশেষ

অধ্যক্ষাঃ শ্ৰীমতি চিকিমিকি তালুকদাৰ
ঠিকনাঃ নেত্ৰালয়ৰ সমীপত, বেলতলা,
গুৱাহাটী-২৮
ইমেইলঃ ascwguwahati@gmail.com
ফোন নং- +৯১-৩৬১-২২২০০১৩/২২২০১৫০