মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

স্বায়ত্বশাসিত সংগঠন

অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদ

অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদ

স্বেচ্ছাসেৱী সংগঠন সমূহৰ জৰিয়তে অসমত শিশু আৰু মহিলাৰ কল্যাণমূলক কাৰ্য্যক্ৰমৰ প্ৰচাৰ আৰু ইয়াৰ ৰূপায়ন কৰাৰ বহুল উদ্দেশ্য আগত ৰাখি ১৯৫৩ চনৰ ১২ আগষ্ট তাৰিখে কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ খন গঠন কৰা হৈছিল। এই পৰিষদে ১৯৬৯ চনত আইনী মান্যতা লাভ কৰে আৰু বৰ্তমান ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ অধীনত সেৱা আগবঢ়াই আছে। ইয়াৰ কাৰ্য্যক্ৰম সমূহ ৰূপায়ন কৰাৰ বাবে সমগ্ৰ দেশতে ৩৩ ৰাজ্যিক পৰিষদ আছে। অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদখন ১৯৫৪ চনত গঠন কৰা হৈছিল আৰু তেতিয়াৰ পৰাই ই তলত উল্লেখ কৰা কাৰ্য্যৱলী সমূহ ৰূপায়ন কৰি আহিছেঃ-

  • পৰিয়াল পৰামৰ্শ কেন্দ্ৰ
  • হ্ৰস্ৰকালীন আৱাস গৃহ
  • ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় শিশু ভৱন আঁচনি
  • প্ৰাপ্ত বয়স্ক মহিলাৰ বাবে শিক্ষাৰ ঘনীভূত পাঠ্যক্ৰম
  • সজাগতা বৃদ্ধি প্ৰকল্প(২০১৪-১৫বৰ্ষত কোনো আবণ্টন নাই)
  • উদ্ভাৱনীয় আঁচনি
  • মহিলা সৱলীকৰণৰ বাবে সংযুক্ত আঁচনি

অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদৰ যোগাযোগৰ সবিশেষ:
শ্ৰী মতি কৃষ্ণা দাস
অধ্যক্ষা, অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদ,
যোগাযোগ নং- ০৩৬১২৩০৩১৩০
ইমেইলঃ assamswb@yahoo.co.in
ঠিকনাঃ বেলতলা, লক্ষী মন্দিৰ, গুৱাহাটী-২৮