অসম ৰাজ্যিক মহিলা আয়ুক্তালয়
অসম ৰাজ্যিক মহিলা আয়ুক্তালয়ৰ সাংবিধানিক কাৰ্য্যাৱলী সমূহ হল-
- সংবিধান আৰু অন্য আইনৰ অধীনত প্ৰদান কৰা মহিলা সুৰক্ষা ব্যৱস্থাটোৰ তদন্ত কৰা আৰু পৰীক্ষণ কৰা।
- সুৰক্ষা ব্যৱস্থাৰ প্ৰচলনৰ বিষয়ে বাৰ্ষিক প্ৰতিবেদন প্ৰস্তুত কৰি অসম চৰকাৰক প্ৰদান কৰা বা অন্য সময়ত আয়ুক্তালয়ো ইয়াৰ বাবে উপযুক্ত হয়।
- ৰাজ্যৰ মহিলা সকলৰ স্থিতি উন্নয়নৰ বাবে সুৰক্ষা ব্যৱস্থাৰ ফলপ্ৰসূ ৰূপায়নৰ বাবে পৰামৰ্শ প্ৰদান কৰা আৰু ইয়াৰ বাবে প্ৰতিবেদন প্ৰস্তুত কৰা।
- সংবিধান ব্যৱস্থাৰ বাহাল থকা সুবিধা সমূহৰ উপৰিও আন আন আইন-কানুন সমূহ সময়ে সময়ে পৰ্য্যবেক্ষণ বা বিশ্লেষণ কৰা আৰু প্ৰয়োজন অনুসাৰে ইয়াৰ সংশোধনৰ পৰামৰ্শও প্ৰদান কৰা।
- মহিলা সম্বন্ধীয় সংবিধান বাহাল থকা ব্যৱস্থা বা অন্যান্য নিয়ম-কানুন সমূহ উলংঘা কৰা সকলৰ বিৰুদ্ধে সঠিক কৰ্তৃপক্ষৰ সৈতে মিলি উচিত ব্যৱস্থা গ্ৰহণ কৰা।
- অভিযোগ সমূহৰ প্ৰতি চকু ৰখা আৰু লগতে মহিলা অধিকাৰৰ পৰা বঞ্চিত হোৱা, মহিলা সুৰক্ষা সম্পৰ্কীয় আইন-কানুন ৰূপায়ন নকৰা, মহিলা সকলৰ কল্যাণ আৰু তেওঁলোকক সকাহ প্ৰদান সুনিশ্চিত কৰা নীতি-নিৰ্দেশনা বা পৰামৰ্শ নমনা ইত্যাদি বিষয় সমূহৰ বিপৰিতে চো-মোতো জাননী গ্ৰহণ কৰা।
- মহিলা সম্পৰ্কীয় সমস্যা সমূহৰ বিষয়ে বিশেষ অধ্যয়ন কৰা বা তদন্ত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা।
- সকলো ক্ষেত্ৰতে মহিলা সকলৰ প্ৰতিনিধিত্ব সুনিশ্চিত কৰিব পৰা পথৰ অনুসন্ধান কৰিবলৈ প্ৰচাৰগত আৰু শিক্ষাগত গৱেষণা কৰা আৰু মহিলা সকলক আগুৱাই যোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা উপাদান সমূহ চিনাক্ত কৰা।
- সম-অধিকাৰ সম্পৰ্কীয় আইন ভংগ কৰা, মহিলা অধিকাৰ আৰু সমান সুবিধা উপভোগৰ পৰা বঞ্চিত হোৱা আদি বিষয় সমূহত হস্তক্ষেপৰ জৰিয়তে লিংগ-সমতা স্থাপন কৰা।
- ৰাজ্যত হিংসাৰ বলি হোৱা মহিলা, সংকটত থকা মহিলা সকলক উপদেশ-পৰামৰ্শ আৰু সাহাৰ্য্য প্ৰদান কৰা।
- মহিলা সকলক বন্দী কৰি ৰখা জেইল বা এনে আন আন স্থান সমূহ পৰিদৰ্শন কৰা আৰু প্ৰয়োজন অনুসাৰে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে মিলি সংশোধনী ব্যৱস্থা গ্ৰহণ কৰা।
- বহু সংখ্যক মহিলাৰ ক্ষতি সাধন কৰা বিষয় সামৰি লোৱা পুঁজি গোচৰ; মহিলা সম্পৰ্কীয় যি কোনো বিষয় সম্পৰ্কে সময় সাপেক্ষ প্ৰতিবেদন চৰকাৰক প্ৰদান কৰা।
ৰাজ্যিক মহিলা সমল কেন্দ্ৰৰ ঠিকনা আৰু যোগাযোগৰ স-বিশেষ
অধ্যক্ষাঃ শ্ৰীমতি চিকিমিকি তালুকদাৰ
ঠিকনাঃ নেত্ৰালয়ৰ সমীপত, বেলতলা,
গুৱাহাটী-২৮
ইমেইলঃ ascwguwahati@gmail.com
ফোন নং- +৯১-৩৬১-২২২০০১৩/২২২০১৫০