মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

স্বায়ত্বশাসিত সংগঠন

মহিলাৰ বাবে ৰাজ্যিক সমল কেন্দ্ৰ

ভাৰত চৰকাৰৰ লক্ষ্য হৈছে মহিলা সকলৰ সামগ্ৰীক উন্নয়ন সাধনকাৰী প্ৰক্ৰিয়া সমূহক শক্তিশালী কৰা। মহিলা সৱলীকৰণ আৰু সৰ্বাংগীন কল্যাণৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যৰে ভাৰতীয় চৰকাৰে “মহিলা সৱলীকৰণৰ ৰাষ্ট্ৰীয় অভিযান (এন.এম.ই.ডব্লিও.)” আঁচনিখন গ্ৰহণ কৰিছিল। মহিলাসকলৰ ৰাজ্যিক সমল কেন্দ্ৰৰ(এছ.আৰ.চি.ডব্লিও.) জৰিয়তে উক্ত আঁচনিখন সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৰূপায়ন কৰা হব। পূৰ্ণ শক্তি কেন্দ্ৰ(পি.এছ.কে.), গাঁও পৰ্য্যায়ৰ অভিসৃত আৰু সুগমতা সেৱা(ভি.চি.এফ.এছ.) আদিবোৰো উক্ত আঁচনিৰ পৰিধিৰ অন্তৰ্গত।

ৰাজ্যিক পৰ্য্যায়ত, ৰাজ্য চৰকাৰৰ(ডব্লিও.ডি.চি./সমাজ কল্যাণ বিভাগ) অধীনষ্ঠ ৰাজ্যিক মহিলা সমল কেন্দ্ৰই ৰাজ্যিক পৰ্য্যায়/কেন্দ্ৰীয় শাসিত অঞ্চল স্তৰত প্ৰভাৱশালী সমন্বয়ৰ জৰিয়তে লিংগ সচেতনতা মূলক কাৰ্য্যক্ৰম, আইন আৰু আঁচনি আদি ৰূপায়ন কৰাৰ ক্ষেত্ৰত কাৰ্য্য কৰিব। বাহাল থকা আইন-কানুন, আঁচনি, নীতি তথা কাৰ্য্যক্ৰম সমূহ এছ.আিৰ.ডব্লিও.এছ.এ পৰ্য্যালোচনা তথা মূল্যাংকণো কৰিব পাৰে যাতে বহুক্ষেত্ৰীয় প্ৰকৃতিৰ কাৰ্য্যাৱলী সমূহ সৌহাদ্যপূৰ্ণতাৰে মহিলা হিতাধিকাৰী সকলৰ ওচৰলৈ নিব পাৰি।

এছ.আৰ.চি.ডব্লিও.এ ইয়াৰ প্ৰধান অংশীদাৰ সকলৰ সৈতে মত-বিনিময় কৰি মহিলা সকলৰ সমস্যা সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ বাবে ৰাজ্যিক ক্ৰীয়া পৰিকল্পনা তৈয়াৰ কৰিব আৰু কাৰিকৰী সহায় প্ৰদান কৰিব আৰু লগতে ৰাজ্যিক কাৰ্য্য বলৰ সৈতে কাৰ্য্যৰত অৱস্থাত বি.বি.বি.পি. আঁচনি ৰূপায়নৰ ক্ষেত্ৰতো সমন্বয় ৰক্ষা কৰিব।

ৰাজ্যিক মহিলাৰ সমল কেন্দ্ৰৰ ঠিকনা আৰু যোগাযোগৰ সবিশেষ

ৰাজ্যিক প্ৰকল্প সমন্বয়ৰক্ষী
শ্ৰী অশ্চিনী কুমাৰ পেগু, অ.অ.সে.,
ফোন নং- ৯৪৩৫০৫১৯১৯
ৰাজ্যিক মহিলা সমল কেন্দ্ৰ, অসম,
নেত্ৰালয়ৰ সমীপত, বেলতলা, গুৱাহাটী-২৮
ইমেইলঃ srcwassam@gmail.com