মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

স্বায়ত্বশাসিত সংগঠন

প্ৰতিবন্ধি লোকৰ বাবে আয়ুক্ত

প্ৰতিবন্ধি লোকৰ বাবে আয়ুক্ত

অক্ষম লোকৰ আইন, ১৯৯৫ এ(সমান সুবিধা, অধিকাৰৰ সুৰক্ষা আৰু সম্পূৰ্ণ অংশগ্ৰহণ) বিশেষ ভাৱে সক্ষম লোকসকলৰ বাবে অধিকাৰৰ এক নতুন পৰিপ্ৰেক্ষতা কঢ়িয়াই আনে। বিশেষ ভাৱে সক্ষম লোক সকলৰ বাবে প্ৰয়োজনীয় উন্নয়ন বাবে এই আইনে চৰকাৰ, বিভিন্ন দিশত বেচৰকাৰী সংগঠন আৰু লগতে জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত কৰে।

উক্ত আইনৰ অধীনষ্ঠ প্ৰতিবন্ধী লোকৰ আয়ুক্তৰ কাৰ্য্যালয়ৰ অৰ্ধ সাংবিধানিক দায়িত্ব সমূহ তলত উল্লেখ কৰা হলঃ

  1. চিনাক্ত কৰা, চু-মটো বা অন্য ধৰণে, যিকোনো আইন আৰু নীতিৰ সুবিধা থকা, কাৰ্য্যক্ৰম আৰু পদ্ধতি, এই আইনৰ সৈতে যি বোৰ উতঃপূতঃ ভাৱে জড়িত, আৰু প্ৰয়োজনীয় সংশোধনী পদক্ষেপৰ বিষয়ে পৰামৰ্শ প্ৰদান কৰা।
  2. তদন্ত কৰা, চু-মতো বা অন্য ধৰণে প্ৰতিবন্ধী সকলে নিজ অধিকাৰৰ পৰা বঞ্চিত হোৱা আৰু তেঁওলোকৰ বাবে উপলব্ধ সুৰক্ষা ব্যৱস্থা যি বোৰ চোৱা-চিতা কৰা আৰু তেনে বিষয় সমূহ সংশোধন কৰাৰ বাবে কেৱল ৰাজ্য চৰকাৰ হে উপযুক্ত কৰ্তৃপক্ষ।
  3. প্ৰতিবন্ধী সকলৰ বাবে উক্ত আইনৰ অধীনত বা বা ইয়াৰ দ্বাৰা প্ৰদান কৰা সুৰক্ষা ব্যৱস্থা অথবা অন্য কোনো আইন-নীতিয়ে প্ৰদান কৰা সুৰক্ষা ব্যৱস্থা সমূহ অৱলোকন কৰা আৰু ইয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপৰ সঠিক ৰূপায়ন কৰা।
  4. যিবোৰ উপাদানে প্ৰতিবন্ধী সকলক তেঁওলোকৰ অধিকাৰ উপভোগ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে তেনে উপাদন সমূহৰ অৱলোকন কৰা আৰু ইয়াৰ বাবে সমাধানৰ বাবে চেষ্টা কৰা।
  5. প্ৰতিবন্ধী সকলৰ অধিকাৰ সম্পৰ্কত গৱেষণা কৰাৰ বাবে প্ৰচাৰ চলোৱা।
  6. প্ৰতিবন্ধী সকলৰ অধিকাৰ আৰু তেওঁলোকৰ বাবে উপলব্ধ সুৰক্ষা ব্যৱস্থাৰ বিষয়ে সজাগতা বৃদ্ধিৰ পদক্ষেপ গ্ৰহণ কৰা।
  7. প্ৰতিবন্ধী লোক সকলৰ বাবে থকা উক্ত আইনৰ ব্যৱস্থা সমূহ আৰু আঁচনি, কাৰ্য্যক্ৰম আদি সকলো পৰ্য্যবেক্ষণ কৰা আৰু লগতে ৰূপায়ন কৰা।
  8. অক্ষম লোক সকলৰ লাভা-লাভৰ বাবে প্ৰদান কৰা চৰকাৰী পুঁজিৰ বিতৰণ ব্যৱস্থা নিৰীক্ষণ কৰা, আৰু
  9. ৰাজ্য চৰকাৰে ন্যস্ত কৰা এনে আন আন দায়িত্ব পালন কৰা।

কাৰ্য্যাক্ৰম

  • গুৱাহাটীৰ খানাপাৰাস্থিত আই.আই.বি.এম. প্ৰতিষ্ঠানত ২০১৭ বৰ্ষৰ ২৮ আৰু ২৮ মাৰ্চ তাৰিখে “উত্তৰ-পূৰ্বাঞ্চলত অক্ষম লোকৰ পুনঃসংস্থাপন”ৰ ওপৰত এখনি কৰ্মশালাৰ আয়োজন।
  • বিশ্ব প্ৰতিবন্ধী দিৱস, ২০১৬ উদযাপন।

ৰূপায়ন সমূহ

  1. প্ৰতিবন্ধী আইন, ১৯৯৫ অনুসৰি পদক্ষেপ গ্ৰহণ কৰা হৈছে।
  2. ১৯৯৬চনতে ৰাজ্য চৰকাৰে চৰকাৰী চাকৰীৰ ক্ষেত্ৰত বাবে ৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিছে।
  3. অক্ষম লোক সকলৰ পদবী চতুৰ্থ বৰ্গৰ পৰা তৃতীয় বৰ্গলৈ উন্নকৰণৰ অনুমতি প্ৰদান।
  4. অক্ষম লোকসকলৰ বাবে ২৭৬৫ সংখ্যক পদ চিনাক্ত(ও.এইচ.-১৬৩৭, ভি.এইচ.-১৯০, এইচ.এইচ.-৮৩৮)
  5. ৰাজ্যিক সমন্বয় কমিটি আৰু ৰাজ্যিক কাৰ্য্যকৰী কমিটি গঠন আৰু অক্ষম লোকৰ আইন, ১৯৯৫ অনুসৰি সভা অনুষ্ঠিত। অক্ষম লোকৰ অধিকাৰ আইন, ২০১৬ৰ অধীনত গঠন কৰা হয় ৰাজ্যিক পৰামৰ্শ পৰিষদ।
  6. নিৱাৰণ আৰু শীঘ্ৰে ধৰা পেলোৱাঃ স্বাস্থ্য মেলা, এন.এইচ.এম.ৰ জৰিয়তে ৬ৰ পৰা ১৪বছৰৰ ভিতৰৰ বয়স পৰীক্ষা কৰা, এছ.এছ.এ. আৰু সমাজ কল্যাণ বিভাগৰ দ্বাৰা দৃশ্য আৰু শ্ৰাব্য প্ৰতিবন্ধী সকলৰ টীকাকৰণ, কুষ্ঠব্যাধি নাইকিয়াকৰণ কাৰ্য্যক্ৰম, পৰিপূৰক পুষ্টিবৰ্ধন কাৰ্য্যক্ৰম ইত্যাদি।

শিক্ষা

  1. ৬বছৰৰ পৰা ১৮বছৰলৈ বিনামূলীয়া শিক্ষা, বিশেষ বিদ্যালয়, ব্যাপক বিদ্যালয়, বিনামূলীয়া কিতাপ, পৰামৰ্শৱলী, পৰীক্ষাৰ ক্ষেত্ৰত অতিৰিক্ত সময় প্ৰদান কৰা, শ্ৰুতিলেখক, দৃষ্টি প্ৰতিবন্ধী সকলৰ বাবে পাঠ্যক্ৰম গ্ৰহণ কৰা।
  2. মুঠ অক্ষম শিশুৰ সংখ্যাঃ ৮১৭৮২ (বিদ্যালয়তঃ ৭৭৩৭১ আৰু বিশেষ বিদ্যালয়তঃ ৮৫৯)।
  3. চৰকাৰী বিশেষ বিদ্যালয়ৰ সংখ্যাঃ ৪খন
  4. বাধাযু্ক্ত- বিনামূলীয়া বিদ্যালয়ঃ ৩৭৫৭১ প্ৰাথমিক(৭৮.৫৭শতাংশ), ৪২৯২ মাধ্যমিক(৯৯.৪৯শাতংশ)।
  5. বাধা বিহীন- বিনামূলীয়া বিদ্যালয়ঃ ১০২৪৭ প্ৰাথমিক(২১.৪৩শতাংশ), ২২মাধ্যমিক(০.৫শতাংশ)।
  6. ব্যাপক বিদ্যালয়ঃ প্ৰাথমিক স্তৰত ২৬৬৮৬খন।
  7. বিদ্যালয় আৰু কাৰিকৰী শিক্ষাৰ ছাত্ৰ-ছাত্ৰীক ক্ৰমে ২০০টকা আৰু ৩০০০টকাকৈ মাহিলী জলপানি প্ৰদান কৰা।

অসম, অক্ষম লোকৰ আয়ুক্ত কাৰ্য্যালয়ৰ যোগাযোগৰ সবিশেষঃ

শ্ৰী পলাশ ৰঞ্জন ঘৰফলীয়া, এ.চি.এছ.

আয়ুক্ত, অসম অক্ষম লোকৰ আয়ুক্তালয়

লতাকাতা, বশিষ্ঠ, গুৱাহাটী-৭৮১০২৯

ফোন নং- +৯১ ৯৪৩৫০৩৫৬৫৭

ইমেইলঃ commdisabilityassam@gmail.com