মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

স্বায়ত্বশাসিত সংগঠন

শিশু অধিকাৰ সুৰক্ষাৰ বাবে অসম ৰাজ্যিক আয়ুক্তালয়

শিশু অধিকাৰ সুৰক্ষাৰ বাবে অসম ৰাজ্যিক আয়ুক্তালয় (এ.এছ.চি.পি.চি.আৰ.)

শিশুৰ সুৰক্ষা, উন্নয়ন, জীৱন ধাৰণ আৰু অংশগ্ৰহণ ইত্যাদিৰ উদ্দেশ্যে শিশু সুৰক্ষা আইন, ২০০৫ৰ সুৰক্ষা আয়ুক্তালয়ৰ ১৭নং ধাৰাৰ অধীনত শিশু অধিকাৰ সুৰক্ষা অসম ৰাজ্যিক আয়ুক্তালয়ৰ গঠন কৰা হয়।

আয়ুক্তালয়ৰ কাৰ্য্যাৱলী সমূহ তলত উল্লেখ কৰা হলঃ

  • শিশুক সুৰক্ষা প্ৰদানকাৰী বলৱত হৈ থকা আইন সমূহ পৰীক্ষা আৰু পৰ্য্যবেক্ষণ কৰা আৰু প্ৰয়োজন অনুসাৰে সেইবোৰৰ সঠিক ৰূপায়ন কৰাৰ ক্ষেত্ৰত পৰামৰ্শ প্ৰদান কৰা।
  • শিশু উতপীড়ন ঘটনাৰ তদন্ত কৰা আৰু সেইবোৰৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা।
  • দুৰ্দশাগ্ৰস্ত শিশু, পিছপৰা শিশু, আইনী মেৰপেছত পৰা শিশু, শিশু অপৰাধী, পৰিয়াল বিহীন শিশু আৰু জেলত থকা লোকৰ সন্তানকে ধৰি বিভিন্ন ধৰণে খতিগ্ৰস্ত শিশু যেনে সন্ত্ৰাসবাদ, সাম্প্ৰদায়িক সংঘৰ্ষ, প্ৰাকৃতিক দূৰ্যোগ, ঘৰুৱা হিংসা, এইচ.আই.ভি./এইডচ সংক্ৰমণ, সৰবৰাহকৃত, অত্যাচাৰ আৰু শোষণ ভুক্তভোগী, যৌন আতিশয্যাৰ বলি হোৱা শিশু সকলৰ সকলো অধিকাৰ উপভোগ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা উপাদান সমূহ পৰীক্ষা কৰা
  • তেওঁলোকৰ বাবে প্ৰয়োজনী যত্ন লোৱা তথা সুৰক্ষা প্ৰদান কৰাৰ বাবে সঠিক পদক্ষেপ গ্ৰহণ কৰাৰ পৰামৰ্শ প্ৰদান কৰা।
  • কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ বা আন কৰ্তৃপক্ষৰ অধীনষ্ঠ গৃহ সমূহ যেনে সংশোধনী গৃহ, শিশু সুৰক্ষা গৃহ বা শিশু গৃহ যত শিশু সকলক বিভিন্ন উদ্দেশ্যৰ বাবে ৰখা হয় এনে গৃহ সমূহৰ লগতে গৃহ সমূহত শিশু ৰখাৰ কাৰণ সম্পৰ্কেও পৰিদৰ্শন কৰা।

শিশু অধিকাৰ সুৰক্ষাৰ বাবে অসম ৰাজ্যিক আয়ুক্তালয়ৰ (এ.এছ.চি.পি.চি.আৰ.) যোগাযগৰ ঠিকনা

ড. সুনিতা চাংকাকতী,
অধ্যক্ষা, এ.এছ.চি.পি.চি.আৰ.
ঠিকনাঃ উপ পথ-০১, গৃহ নং-৩, সমন্বয় পথ, চাৰ্ভেই, বেলতলা বৈশিষ্ঠ পথ,
গুৱাহাটী-২৮, অসম
ইমেইলঃ ascpcr@rediffmail.com