মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

সফলতা প্ৰাপ্তি আৰু শ্ৰেষ্ঠ অনুশীলন

শ্ৰেষ্ঠ অনুশীলন

এনে হস্তক্ষেপ আৰু কৰ্মক্ষমতা প্ৰসাৰণৰ সবিশেষ খৰচৰ হিচাপ দাঙি ধৰিব পৰা নতুন উদ্ভাৱন/ভাল অনুশীলন।

গৰ্ভধাৰণৰ সময়ত আই.ওৱাই.চি.এন. আৰু পুষ্টি অনুশীলনৰ বিকাশ ঘটোৱা

  1. প্ৰথম আহাৰ দিৱস(অন্নপ্ৰাসন)- শিশুক অপুষ্টিৰ পৰা সুৰক্ষিত কৰিবৰ বাবে আৰু শিশুৰ সঠিক বিকাশৰ বাবে সহায় আগবঢ়োৱাৰ উদ্দেশ্যৰে শিশুক ৬ মাহ অতিক্ৰম কৰাৰ পাছত পৰিপূৰক খাদ্য খোৱোৱা কাৰ্য্যৰ প্ৰচাৰৰ বাবে অসমৰ কিছুমান বাচনি কৰা জিলাত প্ৰথম আহাৰ দিৱস উদযাপন কৰা হয়। আৰু এই কাৰ্য্য সম্পাদন কৰা হৈছে ইউনিচেফৰ “মন্থন শিশু বিকাশ আৰু পুষ্টি” প্ৰকল্পৰ সহায়ত আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত এক বেচৰকাৰী সংগঠন(এন.ই.ডি.এছ.এফ.)ৰ জৰিয়তে।
  2. মাতৃ অমৃত আহাৰঃ ইউনিচেফৰ সঁহাৰিৰ সৈতে আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত বেচৰকাৰী সংগঠন-এন.ই.ডি.এছ.এফ.এ পাঁচখন জিলাত, যেনে মৰিগাঁও, কামৰূপ, বৰপেটা গোৱালপাৰা আৰু দৰং জিলাত, মাতৃ অমৃতৰ পৰিচয় কৰাইছিল। গৰ্ভৱতী মহিলা সকলৰ শেষ তিনিমাহত এই অনুষ্ঠান অনুষ্ঠিত কৰা হয় আৰু ইয়াৰ জৰিয়তে তেঁওলোকক খাদ্য, থলুৱা ভাৱে উপলব্ধ ফল-মূল, ডাইল আদি সকলো প্ৰদান কৰা হয়, আৰু লগতে গৰ্ভৱতী কালছোৱাত লবলগীয়া যত্ন সম্পৰ্কে বৰ্তা সমূহ প্ৰদান কৰা হয়। এ.ডব্লিও.ডব্লিও. আৰু স্বাস্থ্য কৰ্মী সকলে গৰ্ভৱতী মহিলা সকলৰ সৈতে ব্যক্তিগত ভাৱে বাৰ্তালাপ কৰি তেঁওলোকক আনুষ্ঠানিক জন্ম প্ৰদানৰ বাবে উত্সাহ প্ৰদান কৰে।
  3. পাকঘৰ উদ্যানঃ কিশোৰী সকলৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পুষ্টি উপলব্ধ কৰাবৰ বাবে পুষ্টি সুৰক্ষা আৰু খাদ্য বিচিত্ৰতাৰ প্ৰচাৰ কৰিবলৈ পাকঘৰ উদ্যান হৈছে এক নতুন উদ্ভাৱনীয় পদক্ষেপ আৰু লগতে এ.ডব্লিও.চি. সমূহতো ৩-৬ বছৰ বয়সৰ শিশুৰ তপত খাদ্যত পুষ্টিৰ ক্ষুদ্ৰ উপাদান মিহলোৱা হয়। কিশোৰী সমূহ(এছ.এ.বি.এল.এ.ৰ অধীনষ্ঠ) আৰু কিশোৰীৰ সংঘক(ইউনিচেফৰ দ্বাৰা সাহাৰ্য্য প্ৰাপ্ত শিশু সুৰক্ষা কাৰ্যক্ৰমৰ অধিন) পাকঘৰ উদ্যানৰ সঠিক তত্বাৱধান আৰু বিকাশৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হয়। কিশোৰী আৰু এম.এছ.জি. সদস্য সকলক ৰন্ধনৰ বিষয়ে জ্ঞান দিবলৈ আৰু লগতে পুষ্টি সংৰক্ষণ কৰিবলৈ, গৃহ বিজ্ঞান মহাবিদ্যালয় আৰু এফ.এন.বি.ৰ(খাদ্য আৰু পুষ্টি পৰিষদ, ভাৰত চৰকাৰ) সহায়ত ৰন্ধন প্ৰতিযোগিতা আৰু খাদ্য প্ৰদৰ্শন আদি অনুষ্ঠিত কৰিবৰ বাবেও প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।
  4. অপুষ্টি আৰু ৫ বছৰৰ অনুৰ্ধ শিশু মৃত্যু সমস্যা কেইবিধৰ সৈতে যুজ দি থকা।

পুষ্টি পুনঃস্থাপন কেন্দ্ৰ(এন.আৰ.চি.) শক্তিশালী কৰিবলৈ পুষ্টি পৰ্য্যবেক্ষণ

অতি অপুষ্ট শিশু প্ৰৱন্ধন কৰিবলৈ পুষ্টি পুনঃস্থাপন কেন্দ্ৰ(এন.আৰ.চি.) হৈছে এক সুবিধা ভিত্তিক তত্বাৱধান কেন্দ্ৰ- এছ.এ.এম.(পাঁচ বছৰৰ তলত)-

  • চিকিত্সকীয় আহাৰ
  • চিকিত্সালয়ৰ তত্বাৱধান
  • গৃহত সঠিক ভাৱে খোৱোৱা আৰু যত্ব লোৱাৰ বাবে মাতৃ সকলক পৰামৰ্শ প্ৰদান কৰা।

উদ্দেশ্যাৱলীঃ

  1. পাঁচ বছৰৰ তলৰ শিশুৰ মাজত অপুষ্টতাৰ হাৰ হ্ৰাস কৰা।
  2. ৰাজ্য খনত অতি অপুষ্টিৰ স্বীকাৰ হোৱা ৬ মাহৰ পৰা ৬০ মাহ বয়সৰ শিশুৰ বাবে চিকিত্সা প্ৰদান কৰা।

সমনীয়াৰে শিকা/শিক্ষা ব্যৱস্থাৰ জৰিয়তে সেৱা প্ৰদান ব্যৱস্থাৰ বিকাশ

ক্ষেত্ৰীয় শিক্ষা গ্ৰহণৰ স্থান তৈয়াৰ কৰাঃ

পটভুমিঃ বৰপেটা, মৰিগাঁও, দৰং, কামৰূপ আৰু গোৱালপাৰা এই পাঁচখন জিলাৰ আই.চি.ডি.এছ. খণ্ডৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এন.ই.ডি.এছ.এফ.এ(এক বেচৰকাৰী সংগঠন) ইউনিচেফৰ অংশীদাৰিত্বৰে সমাজ কল্যাণ বিভাগৰ সহযোগত “মন্থন, শিশু বিকাশ আৰু পুষ্টি”, প্ৰকল্পৰ অধীনত শিশুৰ বিকাশ আৰু উন্নয়নৰ বাবে ২০০৮ চনৰ পৰাই সম্প্ৰদায় ভিত্তিক বিভিন্ন উদ্ভাৱন সফলভাৱে পৰিচালনা কৰি আহিছে। হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰিবলৈ আৰু নৱজাতকৰ যত্ন লবলৈ আৰু লগতে নৱজাতকক আহাৰ খোৱোৱা ক্ষেত্ৰত উন্নয়ন সাধন কৰিবলৈ এন.ই.ডি.এছ.এফ.ৰ উপিস্থিতিয়ে সম্প্ৰদায় ভিত্তিক উদ্ভাৱন, ট্ৰেকিং আহিলা ব্যৱহাৰ আৰু লগতে সম্প্ৰদায়িক ভিৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত বাচনি কৰা এ.ডব্লিও.চি. সমূহৰ এ.ডব্লিও.ডব্লিও. সমূহক যথেষ্ঠ সঁহাৰি আগবঢ়াইছে। ২০১২ চনত, এন.ই.ডি.এছ.এফ.এ একেটা প্ৰকল্পৰে অধীনত এ.ডব্লিও.চি. সমূহক ক্ষেত্ৰীয় শিক্ষা স্থান(এফ.এল.এছ.) হিচাপে বিকশিত কৰিবৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰে। এফ.এল.এছ. হিচাপে গ্ৰহণ কৰা এই এ.ডব্লিও.চি. সমূহে ইয়াৰ সমীপস্থিত এ.ডব্লিও.ডব্লিও. সমূহক (১০এ.ডব্লিও.চি. প্ৰতি লক্ষ্য এ.ডব্লিও.চি.) নিজৰ সেৱা প্ৰদান ক্ষেত্ৰত লক্ষ্য ঘনীভুত কৰিবলৈ সক্ষম কৰি তুলে। অসম, সমাজ কল্যাণ সঞ্চালকালয়ৰ পৰামৰ্শ আৰু সহায়ৰ অধীনত সংশ্লিষ্ট পৰ্য্যবেক্ষক আৰু চি.ডি.পি.ও. সকলৰ সক্ৰিয় অংশগ্ৰহণৰ সৈতে এফ.এল.এছ. অধীনষ্ঠ কাৰ্য্যক্ৰম সমূহ হাতত লোৱা হয়।

উদ্দেশ্যাৱলী

  • বাচনি কৰা এ.ডব্লিও.চি. সমূহক এফ.এল.এছ. হিচাপে বিকশিত কৰা(ক্ষেত্ৰীয় শিক্ষা স্থান)।
  • সেৱা প্ৰদান সম্পৰ্কীয় বিষয়ত সমনীয়া এ.ডব্লিও.ডব্লিও. সমূহক এ.ডব্লিও.চি. বোৰত অনুষ্ঠিত কাৰ্য্যক্ৰমৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰা।
  • এবাৰ ক্ষমতা লাভৰ পাছতেই এই এ.ডব্লিও.চি. সমূহ উপগ্ৰহীয়া এফ.এল.এছ.লৈ ৰূপান্তৰিত হৈ যাব আৰু তেতিয়াই এই সকলোৱে এ.ডব্লিও.চি. সমূহৰ সমীপস্থিত এ.ডব্লিও.ডব্লিও. সমূহক প্ৰশিক্ষণ প্ৰদানত জড়িত হৈ পৰিব।

বিস্তাৰঃ

আদৰ্শ এ.ডব্লিও.চি.(চি.ডি.পি.ও. সমূহৰ দ্বাৰা ১০ এ.ডব্লিও.চি. তুলি লোৱা) পটভুমিঃ সকলো সুবিধা উপলব্ধ হোৱাকৈ এ.ডব্লিও.চি. সমূহক উন্নত কৰাৰ উদ্দেশ্যৰে সকলো আই.চি.ডি.এছ. খণ্ডত আদৰ্শ এ.ডব্লিও.চি. তৈয়াৰ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰয়োজন সাপেক্ষ প্ৰশিক্ষণ প্ৰদানৰ জৰিয়তে এ.ডব্লিও.ডব্লিও. আৰু এ.ডব্লিও.এইচ. সমূহৰ দক্ষতা বৃদ্ধি আৰু সকলো কেন্দ্ৰতে টি.এল.এম./সংচিত্ৰ আৰু আই.ই.চি. সমল/সুবিধা উপলব্ধ কৰোৱাই ফলপ্ৰসূ সেৱা প্ৰদান ব্যৱ্স্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই এ.ডব্লিও.চি. সমূহৰ বিকশিত কৰা হব। এ.ডব্লিও.চি.সমূহক তুলি লোৱা প্ৰক্ৰিয়া পৰ্য্যায় ক্ৰমে কৰা হব।

দুটা আই.চি.ডি.এছ প্ৰকল্পত পৰীক্ষণমূলক ভাৱে ই.চি.চি.ই. পাঠ্যক্ৰম উপস্থাপন কৰা হৈছে। এন.আই.পি.চি.চি.ডি. আৰু ইউনিচেফ, অসমৰ প্ৰযুক্তিগত পৰামৰ্শ অনুসৰি ২০১২বৰ্ষত গ্ৰহণ কৰা এই প্ৰকল্প দুটা হল নগৰ প্ৰকল্প অৰ্থাত্ গুৱাহাটী(ইউ.) আই.চি.ডি.এছ প্ৰকল্প(কামৰূপ জিলা) আৰু গ্ৰাম্য প্ৰকল্প অৰ্থাত্ ভোৰবন্ধা আই.চি.ডি.এছ. প্ৰকল্প(মৰিগাঁও জিলা)।

উদ্দেশ্যাৱলীঃ এ.ডব্লিও.চি.ক আদৰ্শ এ.ডব্লিও.চি. হিচাপে বিকশিত কৰাৰ বাবে চি.ডি.পি.ও.ক সক্ষম কৰি তোলা।

কাৰ্য্যক্ৰম

  • প্ৰতিটো প্ৰকল্পৰ পৰা সংশ্লিষ্ট চি.ডি.পি.ও.ৰ দ্বাৰা ১০টা এ.ডব্লিও.চি. তুলি লোৱা হব আৰু সেইবোৰক আদৰ্শ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰয়াস কৰা হব।
  • এই কেন্দ্ৰ সমূহক সকলো প্ৰয়োজনীয় সুবিধা প্ৰদান কৰা হব যেনে টি.এল.এম./সংচিত্ৰ আৰু আই.ই.চি. সমল ইত্যাদি।
  • এন.আৰ.এইচ.এম., ইউনিচেফ, এছ.এছ.এ. ইত্যাদিৰ দৰে অন্য বিভাগ আৰু উন্নয়নমূলক সংগী প্ৰতিষ্ঠানৰ সহযোগত আই.চি.ডি.এছ.ৰ অধীনষ্ঠ সকলো সেৱা প্ৰদানৰ সুচলতা আৰু ফলপ্ৰসূতা সুনিশ্চিত কৰাৰ বাবে এ.ডব্লিও.ডব্লিও. আৰু এ.ডব্লিও.এইচ.ৰ দক্ষতা উন্নিত কৰা হব। মহিলা আৰু শিশুৰ উন্নয়নৰ সৈতে জড়িত কিছুমান বেচৰকাৰী সংগঠনো কৰ্মী সকলৰ ক্ষমতা বৰ্ধনৰ ক্ষেত্ৰত সহায়ক হব পাৰে।
  • এই কেন্দ্ৰ বোৰত নিয়মীয়া পৰ্য্যবেক্ষণ আৰু নিৰীক্ষণ কাৰ্য্য পৰিচালনা কৰা হব।
  • বিত্তীয় প্ৰয়োজনঃ এই উদ্দেশ্য পূৰণৰ বাবে ফ্লেক্সি পুঁজি ব্যৱহাৰ কৰা হব।

পৰ্য্যবেক্ষণ আৰু নিৰীক্ষণ উন্নয়ন

জটিল এলেকা সমূহত দলীয় পৰ্য্যবেক্ষণঃ

পটভুমিঃ যিহেতু অসম ইয়াৰ দূৰ্গমতা আৰু অতি জটিল ভুখণ্ডৰ বাবে খ্যাত যত, পাহাৰ, ভৈয়াম, নদ-নদী, চৰ এলেকা আৰু বণাঞ্চলৰে ভৰা, ইয়াৰ দুৰ্গম অথবা ভিতৰুৱা অঞ্চল সমূহত থকা এ.ডব্লিও.চি. সমূহত আই.চি.ডি.চি. কৰ্মী(পৰ্য্যবেক্ষক, চি.ডি.পি.ও. আৰু ডি.এছ.ডব্লিও.ও.) সকলৰ দ্বাৰা নিয়মীয়া পৰ্য্যবেক্ষণ কৰাতো একেবাৰে সহজ নহয়। গতিকে আই.চি.ডি.এছ. কৰ্মী সকলৰ বাবে এনে এ.ডব্লিও.চি. সমূহৰ নিয়মীয়া পৰ্য্যবেক্ষণ কৰাটো এক বৃহত্ প্ৰত্যাহ্বান স্বৰূপ। এই প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ, দলীয় পৰ্য্যবেক্ষণ ব্যৱস্থাৰ আৰাম্ভণি কৰা হয়। এই অনুশীলন অৱশেষত পুৰস্কৃত হিচাপে প্ৰমাণিত হয়।

উদ্দেশ্যাৱলীঃ দুৰ্গম তথা ভিতৰুৱা এলেকা সমূহৰ সকলো এ.ডব্লিও.চি.কে নিয়মীয়া পৰ্য্যবেক্ষণ আৰু লগতে আই.চি.ডি.এছৰ সকলো সেৱাৰ ফলপ্ৰসূ ৰূপায়নৰ বাবে সামৰি লোৱা।

কাৰ্য্যৱলী:

  • এটা চক্ৰৰ অধীনত থকা দুৰ্গম এলেকাৰ এ.ডব্লিও.চি. সমূহত দুজন বা ততোধিক পৰ্য্যবেক্ষেকৰ জৰিয়তে যুটিয়া ভাৱে পৰিদৰ্শন কৰা।
  • পৰ্য্যবেক্ষক সকলে, এন.আৰ.এইচ.এম.ৰ তৰফৰ পৰা যোগান ধৰা নাওঁ ব্যৱস্থাৰ সহায়ত স্বাস্থ্য কৰ্মীসহ, নদীদ্বীপত, বিশেষকৈ বৰষুণ বা বানপানীৰ ফলত যোগাযোগ ব্যৱস্থা বিচিন্ন হৈ পৰা কেন্দ্ৰ সমূহত যুটিয়া পৰিদৰ্শন কৰে।
  • অতি দুৰ্গম পথ বা অসুচল যোগাযোগ ব্যৱস্থাযুক্ত এলেকা সমূহত স্বাস্থ্য সেৱা প্ৰদান কৰিবলৈ এন.আৰ.এইচ.এম.এ ভ্ৰাম্যমান চিকিত্সা বাহনৰ ব্যৱস্থা কৰি দিয়ে যত এ.ডব্লিও.ডব্লিও. আৰু সংশ্লিষ্ট পৰ্যবেক্ষক সকলে যুটিয়া পৰিদৰ্শন কৰিব পাৰে।
  • দলীয় পৰ্য্যবেক্ষণঃ এটা এ.ডব্লিও.চি. বাচনি কৰা হয় যত এ.ডব্লিও.চি.(প্ৰায় ১০টা) সমূহৰ সমীপস্থিত এ.ডব্লিও.ডব্লিও. সকলক তেওঁলোকৰ সকলো নথি আৰু জমাবহীৰ সৈতে পৰিদৰ্শন কৰিবলৈ কোৱা হয় আৰু এ.ডব্লিও.ডব্লিও. সকলে দল হিচাপে সকলো লেখা অৱলোকন আৰু পৰ্য্যবেক্ষণ কাৰ্য্য সম্পাদন কৰে। এই ব্যৱস্থাই এ.ডব্লিও.ডব্লিও. সকলৰ মাজত একেলগে শিকা ব্যৱস্থাৰো বিকাশ ঘটাই।
  • বিত্তীয় প্ৰয়োজনঃ আই.চি.ডি.এছ পুঁজি নিয়মীত ভাৱে পৰ্য্যবেক্ষণৰ বাবে খৰচ কৰা হব। প্ৰয়োজন সাপেক্ষে এন.আৰ.এইচ.এম.ৰ তৰফৰ পৰা প্ৰদান কৰা সেৱা তথা সম্পদ যেনে চিকত্সা নাঁও/ভ্ৰাম্যমান ক্লিনিক/ভ্ৰাম্যমান স্বাস্থ্য একক আদি যাতায়ত ব্যৱস্থাৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব।

সামাজিক হেচা সৃষ্টি আৰু সামাজিক লেখা-পৰীক্ষা ব্যৱস্থাৰ আনুষ্ঠানিকৰণৰ বাবে সমূদায় সমূহক জড়িত কৰা

মাতৃ সঁহাৰি দল বা মাতৃ সহায়ক গোট

পটভুমিঃ অংগনবাদী কেন্দ্ৰৰ জৰিয়তে মহিলা আৰু শিশুৰ উন্নয়ন সাধন কৰাৰ ক্ষেত্ৰত আঁচনি তথা কাৰ্য্যক্ৰম সমূহৰ ফলপ্ৰসূ ৰূপায়নৰ বাবে স্থানীয় প্ৰাথমিক হিতাধিকাৰী স্বৰূপ ৬বছৰ অনুৰ্ধ শিশুৰ মাতৃ সকলক আঁচনি সমূহৰ প্ৰৱন্ধন আৰু পৰিচালনাৰ সৈতে জড়িত কৰাৰ বিষয়ে প্ৰয়োজন অনুভৱ কৰা হল। এই পটভূমিৰ বিপৰীতে ৰাজ্য চৰকাৰে ২০১২ চনৰ ২য় মাৰ্চ তাৰিখে এছ.ডব্লিও.ডি.৬১৭/২০১১/৬১ অধিসুচনা জাৰি কৰে, অসমৰ সকলো আই.চি.ডি.এছ. প্ৰকল্পৰ প্ৰতিটো এ.ডব্লিও.চি.ত “মাতৃ সঁহাৰি দল” বা “মাতৃ সহায়ক গোট”ৰ সংবিধান, প্ৰথম এপ্ৰিল, ২০১২।

আধাৰঃ মাতৃ সকলক যদিহে আঁচনি, হিতাধিকাৰী সকলৰ সংহতি আৰু পৰামৰ্শ প্ৰদান আদিৰ ব্যৱস্থাপনাৰ সৈতে অংশীদাৰ হিচাপে জড়িত কৰা হয় তেনেহলে ই অত্যন্ত ফলপ্ৰসূ হৈ পৰিব।

উদ্দেশ্যাৱলীঃ অংগণবাদী কেন্দ্ৰ পৰিচালনা কমিটিৰ উপৰিও এ.ডব্লিও.চি.ৰ পৰ্য্যবেক্ষণ আৰু পৰিচালনৰ সৈতে মাতৃ সকলক প্ৰাথমিক অংশীদাৰ হিচাপে জড়িত কৰোৱা।

কাৰ্য্যাৱলীঃ

এ.ডব্লিও.চি.ত পঞ্জীভুত সকলো শিশুৰ মাতৃকে একলগ কৰি এটা দল তৈয়াৰ কৰা যাক মাতৃ মণ্ডল হিচাপে নামাকৰণ কৰা হব। মাতৃ মণ্ডলৰ পৰাই ৭ গৰাকী মাতৃক বাচনি কৰা আৰু মাতৃ সহায়ক গোট(এম.এছ.জি.) গঠন কৰা। ভি.এইচ.এছ.এন.জি.(এন.আৰ.এইচ.এম.ৰ অধিন) আৰু এ.ডব্লিও.চি.এম.চি.ৰ প্ৰতিনিধিৃক ইয়াৰ সভাপতি আৰু সচিব হিচাপে নিয়োগ কৰা।

প্ৰতি মাহৰ ৫ তাৰিখে মাতৃ মণ্ডলৰ সভা অনুষ্ঠিত কৰা হব যত এম.এছ.জি.য়ে এ.ডব্লিও.চি. সম্পৰ্কীয় বিষয় আৰু এ.ডব্লিও.ডব্লিও.ৰ কাৰ্য্যাৱলীৰ বিষয়েও আলোচনা কৰিব। এই সভা পৰিচালন প্ৰক্ৰিয়াৰ সকলো দিশ নথিভুক্ত কৰাৰ ক্ষেত্ৰত এম.এছ.জি.ৰ সচিব দায়বদ্ধ হব। মাতৃ মণ্ডলৰ সকলো সভা আৰু অনুষ্ঠানৰ বাবে ৰাজ্যিক সম্পদৰ জৰিয়তে পুঁজি প্ৰদান কৰা হব। গাঁওসভা, ভি.এইচ.এছ.এন.জি., এ.ডব্লিও.চি.এম.চি.ৰ সভাত এ.ডব্লিও.চি.ৰ প্ৰদৰ্শনৰ প্ৰতিবেদন উপস্থাপন কৰা হব আৰু এই বিষয়ে আলোচনা কৰা হব। এ.ডব্লিও.চি.ৰ উপস্থিতি বহী, সময়মতে এ.ডব্লিও.চি. খোলা, ৰাতিপুৱা উন্নত মাণৰ আহাৰ যোগান ধৰা, গৰম ৰন্ধা খাদ্য আৰু টি.এইচ.আৰ., বিকাশ বহী/পঞ্জীয়ন বহীৰ তত্বাৱধান, ভি.এইচ.এন.ডি., আৰ.আই. ইত্যাদি মাপকাঠী সমূহৰ ওপৰত ভিত্তি কৰিয়েই এ.ডব্লিও.ডব্লিও. আৰু এ.ডব্লিও.এইচ. সমূহৰ প্ৰদৰ্শন, উতকৃষ্ট, ভাল আৰু নিঃকিন আদিৰ হিচাপত, মূল্যাংকণ কৰা হয়, আৰু প্ৰতিমাহৰ ১০তাৰিখে সংশ্লিষ্ট পৰ্য্যবেক্ষকৰ জৰিয়তে এই প্ৰতিবেদন সমূহ চি.ডি.পি.ও./ডি.এছ.ডব্লিও.ও.ক প্ৰদান কৰা হয়।

এম.এছ.জি.ৰ প্ৰধান দায়িত্ব সমূহ

  • আই.চি.ডি.এছ. আঁচনিৰ প্ৰৱন্ধন আৰু পৰ্য্যবেক্ষণ আৰু হিতাধিকাৰীৰ সংহতি। এ.ডব্লিও.চি.ৰ অধীনত সেৱা উপলব্ধ কৰা আৰু পঞ্জীয়ন কৰিবৰ বাবে হিতাধিকাৰী সংহতিৰ দায়িত্ব ভগাই লবলৈ এম.এছ.জি. সদস্য সকলৰ মাজত মুঠ হিতাধিকাৰী গৃহ সমূহ ভাগ কৰা।
  • মাতৃ মণ্ডলৰ মাহিলি সভা তথা নান অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো এ.ডব্লিও.ডব্লিও. সকলক এম.এছ.জি.এ সহায়তা প্ৰদান কৰে, যেনে প্ৰতি দুমাহৰ মূৰে মূৰে প্ৰথম আহাৰ অনুষ্ঠিত কৰা, তিনিমাহৰ মূৰে মূৰে মাতৃ অমৃত আৰু প্ৰতি ছমাহৰ মূৰত খাদ্য প্ৰণালী প্ৰদৰ্শন আদিৰ জৰিয়তে বাৰ মাহত প্ৰতিমাহে একোটাকৈ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
  • ভি.এইচ.এন.ডি., আৰ.আই., এন.এইচ.ই.ডি.ত হিতাধিকাৰীৰ উপস্থিতি সুনিশ্চিত কৰিবলৈ এম.এছ.জি. সদস্য সকলে আশা আৰু এ.ডব্লিও.ডব্লিও. কৰ্মী সকলৰ সৈতে সমন্বয়ো স্থাপন কৰে আৰু আই.চি.ডি.চি.ৰ অধীনত আন্তঃব্যক্তিক যোগাযোগ আৰু আই.ই.চি.ৰ জৰিয়তে প্ৰদান কৰা সুবিধা সমূহৰ বিষয়ে বাটৰ নাট, সংগীত প্ৰদৰ্শন আদিৰ জৰিয়তে ৰাইজক অৱগত কৰে।
  • তেঁওলোকে গাঁওবাসীক এনামীয়া, অপুষ্টি, এ.আৰ.এছ.এইচ., অনুপযুক্ত সময়ত বিবাহ আৰু গৰ্ভধাৰণ সম্পৰ্কীয় আদি বিভিন্ন বিষয়ত পৰামৰ্শ তথা উপদেশ প্ৰদান কৰে।

প্ৰতি বছৰে এপ্ৰিল মাহৰ শেষৰ ফালে আই.চি.ডি.এছ. পৰ্য্যবেক্ষক, চি.ডি.পি.ও., ডি.এছ.ডব্লিও.এছ.ৰ জৰিয়তে সচেতনতা বৃদ্ধি কাৰ্য্যক্ৰমৰ অধীনত এম.এছ.জি. সদস্য সকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণ কাৰ্য্যক্ৰম বিশেষকৈ ভাব-বিনিময় ভিত্তিক হয় আৰু বিভিন্ন বিষয়ো ইয়াৰ ভিতৰত সামৰি লোৱা হয়, যেনে- পৰিপূৰক পুষ্টি, বিকাশ পৰ্য্যবক্ষণ আৰু এম.চি.পি. কাৰ্ড ব্যৱহাৰ কৰা, কম খৰচ বা বিণা খৰচৰ আহিলাৰ পৰা পি.এছ.ই. আৰু টি.এল.এম., সেই অঞ্চলত বাহাল থকা উমৈহতীয়া স্বাস্থ্যজনিত সমস্যা, ব্যক্তিগত স্বাস্থ্যবিধি, বিভিন্ন স্থানীয় খাদ্যৰ পুষ্টিগত মূল্য, এ.ডব্লিও.ডব্লিও. সকলে নিজৰ প্ৰদৰ্শন মূল্যাংকণ কৰা দিশ সমূহ ইত্যাদি।

বছৰৰ শেষত, ভি.এইচ.এন.ডি., আৰ.আই.ত মাতৃ মিত্ৰৰ উপস্থিতি, গাঁও সভা আৰু এ.ডব্লিও.চি.এম.চি.ৰ সভাত সভাপতি আৰু সচিবৰ অংশগ্ৰহণ আদি সকলো বোৰৰ ভিত্তিত এম.এছ.জি. সকলে নিজৰ প্ৰদৰ্শনৰ মূল্যাংকণ কৰে। এম.এছ.জি. সকলৰ এই স্ব-মূল্যাংকণ প্ৰতিবেদনৰ ভিত্তিত ডি.এছ.ডব্লিও.ও.এ পোন্ধৰ আগষ্ট তাৰিখে জিলা উপায়ুক্তৰ দ্বাৰা স্বীকৃতি প্ৰদান কৰিবলৈ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী পাঁচ এম.এছ.ডব্লিও.ৰ নাম প্ৰেৰণ কৰে।