মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

সফলতা প্ৰাপ্তি আৰু শ্ৰেষ্ঠ অনুশীলন

২০১৬-১৭চনত বৰ্তমান চৰকাৰ খনৰ প্ৰধান সফলতা

মহিলা আৰু কিশোৰীৰ কল্যাণ আৰু সৱলীকৰণ

প্ৰধান সফলতাঃ

  • এক স্থানিক কেন্দ্ৰ নিৰ্মাণৰ বাবে বেলতালাত ৰাষ্ট্ৰীয় ভৱন নিৰ্মাণ নিগমক ভূমি হস্তান্তৰ কৰা।
  • কামৰূপ (মহানগৰ) জিলাত মহিলা হেল্পলাইন নম্বৰ কাৰ্য্যকৰী কৰাকে ধৰি মুঠ পাছ খন জিলাত (যোৰহাট, কোকৰাঝাৰ, কাছাৰ, নঁগাও আৰু কামৰূপ মহানগৰ) এক স্থানিক কেন্দ্ৰ কাৰ্য্যকৰী কৰে।
  • ছোৱালীক বচাওক ছোৱালীক পঢ়াওক আঁচনিৰ অধীনত কামৰূপ মহানগৰ জিলাত গাঁও অভিসৰণ আৰু সুগম সেৱা ব্যৱস্থাও কাৰ্য্যকৰী কৰা হয়।
  • আই.জি.এম.এছ.ওৱাই.ৰ অধীনত ২৭,৮৭৫ গাৰাকী হিতাধিকাৰী ডি.বি.টি.ৰ জৰিয়তে উপকৃত হয়।

জ্যেষ্ঠ নাগৰিকৰ কল্যাণ

প্ৰধান সফলতাসমূহ

  • জ্যেষ্ঠ নাগৰিক সকলৰ কাল্যানৰ বাবে বিভিন্ন আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে ১১ কোটি টকাৰ অনুদান বিচাৰি এক প্ৰস্তাৱ মঞ্জুৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে।
  • ৰোগী, বয়োজ্যেষ্ঠ আৰু দৰিদ্ৰ সকলক চিকিত্সা সাহাৰ্য্য প্ৰদান কৰিবলৈ বেচৰকাৰী সংগঠনৰ দ্বাৰা পৰিচালিত ৬খন ভ্ৰাম্যমান চিকিত্সা বাহন প্ৰদান। ইয়াৰ উপৰিও কিছু সংখ্যক অতিৰিক্ত প্ৰস্তাৱো কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে।
  • জ্যেষ্ঠ নাগৰিক কমিটি গঠন কৰি অসম চৰকাৰে এজন নতুন অধ্যক্ষ আৰু উপাধ্যক্ষও নিয়োগ কৰিছে।