মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

সফলতা প্ৰাপ্তি আৰু শ্ৰেষ্ঠ অনুশীলন

সংযুক্ত শিশু উন্নয়ন সেৱা আঁচনি

শিশু কল্যাণ আৰু সুৰক্ষা

  • পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ সৈতে অভিসৰণৰ জৰিয়তে, এনৰেগা আঁচনিৰ অধীনত ৭ লাখ টকাৰ ৩০০০ এ.ডব্লিও.চি. নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
  • সমগ্ৰ ৰাজ্যতে পৰ্য্যবেক্ষণ ব্যৱস্থা আৰু পদ্ধতি অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যৰে এম.আই.এছ.-আই.চি.ডি.এছ., মধ্য প্ৰদেশ আৰ্হি পুনঃপ্ৰকাশ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই অনলাইন পৰ্য্যবেক্ষণ ব্যৱস্থাই আই.চি.ডি.এছ. পৰ্য্যবেক্ষণ ব্যৱস্থা ডিজিটেল কৰি তোলাৰ লগতে ইয়াক প্ৰকৃত সময়ৰ পৰ্য্যবেক্ষণ কৰাৰ বাবেও সক্ষম কৰি তুলে।
  • ৰাজ্যত সমূহীয়া সহায়ৰ জৰিয়তে ২৩০০ প্ৰতিৰূপ এ.ডব্লিও.চি. বিকাশ কৰিছে।

 

 
  • ৰাজ্যত এ.ডব্লিও.চি. সুবিধা সমীক্ষা আহিলাৰ ব্যৱহাৰৰ জৰিয়তে অংগনবাদী কেন্দ্ৰ সমূহক কতৃত্ব প্ৰদান কৰা কাৰ্য্যও গ্ৰহণ কৰা হয়। ২৩০ টা আই.চি.ডি.এছ. প্ৰকল্পৰ আটাইকেইটা এ.ডব্লিও.চি.তে এই সুবিধা সমীক্ষা চলোৱা হয়, যাৰ পৰিণামে সমগ্ৰ অসমৰ এ.ডব্লিও.চি.ৰ বৰ্তমান পৰিস্থিতিৰ এক স্পষ্ট ছবি দাঙি ধৰিব।
  • কেচুৱা আৰু চেমনীয়া শিশুক খাদ্য খোৱোৱা প্ৰশিক্ষণৰ পৰামৰ্শাৱলী প্ৰস্তুত কৰা হৈছে আৰু তিনিখন অধিক বোজা বহনকাৰী জিলাৰ(নগাঁও, গোলাঘাট আৰু কৰিমগঞ্জ) আই.চি.ডি.চি. কৰ্মীক এই প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।
  • কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে আই.চি.ডি.এছ.ত পৰিচয় কৰোৱা দ্ৰুত প্ৰতিবেদন প্ৰেৰণ ব্যৱস্থা ৰাজ্যত ২০১৭ চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্য্যকৰী কৰা হয়। এ.ডব্লিও.চি. সমূহে প্ৰতিমাহে নিয়মিত ভাৱে এই ব্যৱস্থাৰ জৰিয়তে তেওঁলোকৰ মাহেকীয়া অগ্ৰগতিৰ প্ৰতিবেদন প্ৰেৰণ কৰে।
  • আই.এম.আৰ. ৫৪ৰ(এছ.আৰ.এছ. ২০১৪-১৫) পৰা ৪৮লৈ(এন.এফ.এইচ.এছ.) হ্ৰাস পায়। মাতৃ সহায়ক গোটৰ সৈতে যুটিয়া ভাৱে স্বাস্থ্য বিভাগৰ সহযোগত সুবিধাৰ ১০০০দিনীয়া খিৰিকি, কেচুৱা-চেমনীয়া শিশুক খাদ্য খোৱোৱা ইত্যাদি সম্পৰ্কীয় বিভিন্ন বিষয়ত সজাগতা শিবিৰ এ.ডব্লিও.চি. আৰু সমূদায় সমূহৰ মাজত আয়োজন কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। চাহ বাগান আৰু সংখ্যালঘু অধ্যুষিত অঞ্চল সমূহত আই.এম.আৰ. আৰু এম.এম.আৰ.ৰ হাৰ হ্ৰাস কৰিবলৈ ইউনিচেফৰ সহায়ত অসম ক্ষেত্ৰীয় ভিত্তিক আই.চি.ডি.এছ আৰু স্বাস্থ্য কৰ্মী সকলে যুটিয়া ভাৱে বিভিন্ন কাৰ্য্যক্ৰমৰ আয়োজন কৰে।
  • শিশুৰ সামগ্ৰীক বিকাশৰ বাবে এক সেউজীয়া আৰু ধোৱা বিহীন পৰিবেশ গঢ়ি তুলিবৰ বাবে সকলো কাৰ্য্যৰত এ.ডব্লিও.চি.কে সেইবোৰক ৰূপান্তৰ কৰিবৰ বাবে ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

প্ৰাৰম্ভিক শিশু তত্বাৱধান আৰু শিক্ষা

প্ৰাৰম্ভিক শিশু তত্বাৱধান আৰু শিক্ষাৰ(ই.চি.চি.ই.) ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি বৰ্তমানৰ ৰাজ্য চৰকাৰে আই.চি.ডি.এছ.ৰ ১৭গৰাকী বিষয়াক লক্ষ্ণৌত ৰাজ্যিক পৰ্যায়ৰ প্ৰধান প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰিছে যাতে এ.ডব্লিও.চি. সমূহত প্ৰাৰম্ভিক শিশু তত্বাৱধান আৰু শিক্ষা ব্যৱস্থাৰ ফলপ্ৰসূ ৰূপায়ন কৰিব পৰা যায়।

জিলা অনুসৰি আই.চি.ডি.চি.ৰ ক্ষেত্ৰীয় স্তৰৰ কৰ্মী সকলক ই.চি.চ.ই.ৰ ওপৰত প্ৰশিক্ষণ প্ৰদানৰ বাবে ইতিমধ্যে পুঁজি মূকলাই দিয়া হৈছে।

 
সংযুক্ত শিশু সুৰক্ষা আঁচনিঃ
  • “অসম কিশোৰ ন্যায় পৰিষদত ৰৈ থকা গোচৰৰ পৰিমাণ” নামৰ এক অধ্যয়ন পোন প্ৰথম বাৰৰ বাবে অসমত সম্পূৰ্ণ কৰা হৈছে।
  • ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ সহযোগত তৃতীয় আঞ্চলিক উত্তৰ-পূৱ কিশোৰ ন্যায় সন্মিলন সফল ভাৱে অনুষ্ঠিত কৰা হয়। নতুনকৈ গঠন হোৱা জিলা সমূহত জিলা শিশু সুৰক্ষা কমিটি গঠন কৰিবৰ বাবে অধিসুচনা জাৰি কৰা হৈছে, যাতে সেই ৬খন জিলাত আই.চি.পি.এছ. বলবত্ কৰিব পৰা যায়।
  • মুখ্য মন্ত্ৰীৰ ১০০দিনীয়া কাৰ্য্যসূচীৰ অধীনত শিশু সৰবৰাহ বিষয়ৰ ওপৰত জিলা পৰ্য্যায়ৰ সজাগতা কাৰ্য্যক্ৰমৰ আয়োজন কৰা হয়।
  • আই.চি.পি.এছ.ৰ অধীনত থণ্ড পৰ্য্যায়ৰ শিশু সুৰক্ষা কমিটিৰ পুনৰ অধিসূচনা।
  • অসম আৰক্ষীৰ পশ্চিমীয়া ৰেঞ্জৰ বাবে শিশু সম্পৰ্কীয় আইন সম্বন্ধে আৰক্ষীক প্ৰশিক্ষণ প্ৰদানৰ কাৰ্য্যক্ৰম গ্ৰহণ কৰা।
  • অসমৰ সকলো জিলাকে সামৰি ১৪টা নতুন বিশেষ তুলি লোৱা প্ৰতিষ্ঠানক স্বীকৃতি প্ৰদান।