মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

সফলতা প্ৰাপ্তি আৰু শ্ৰেষ্ঠ অনুশীলন

“সঁহাৰি”, কাষ চপা আৰু সঁহাৰি জনোৱা প্ৰকল্প

পোনপটীয়া লাভালাভ প্ৰদান(ডি.বি.টি.) ব্যৱস্থাৰ জৰিয়তে ৭৬৩৮ গৰাকী হিতাধিকাৰীক প্ৰতিবন্ধী জলপানি আৰু নিবনুৱা ভাট্টা প্ৰদান কৰা হৈছে। অসম ৰাজ্যিক আইনী সেৱা কৰ্তৃপক্ষ, অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগ আৰু লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটিয়া প্ৰচেষ্টাত ২০১৭ চনৰ ৪ মাৰ্চৰ পৰা ১২ মাৰ্চ তাৰিখলৈ সঁহাৰি, “কাষ চপা আৰু “সঁহাৰি” জনোৱা প্ৰকল্প”ৰ আয়োজন কৰিছিল যত ভগৱান মহাবীৰ বিকলাংগ সহায়তা সমিতি আৰু ভাৰতীয় কৃতিম অৱয়ৱ নিৰ্মাণ নিগমৰ(আলিমকো)সহযোগত পাঁচখন জিলা, যেনে নগাঁও, মৰিগাঁও, দৰং, গোৱালপাৰা, কামৰূপ(মহানগৰ) আদি জিলা কেইখনৰ প্ৰতিবন্ধী লোকসকলক ভিন্ন প্ৰকাৰৰ সাহাৰ্য্য তথা সজুলি প্ৰদান কৰে।

এই শিবিৰৰ জৰিয়তে উপকৃত হোৱা হিতাধিকাৰী সকলৰ সবিশেষঃ

  • কৃত্ৰিম অংগঃ ১২৬ সংখ্যক
  • পলিও ৰোগীৰ বাবে কেলিপাৰঃ ২১৮ সংখ্যক
  • পেং- ৭৬ সংখ্যক
  • হাতঃ ৪৪ সংখ্যক
  • তিনিচকীয়া বাহনঃ ১৫০ সংখ্যক(৫৭ সৰু আৰু ৯৩ বয়স্ক)
  • চকাযুক্ত চকীঃ ১৬৩(৬১ সৰু আৰু ১০২ বয়স্ক)
  • শ্ৰাব্য সঁজুলিঃ ৫৩৬ সংখ্যক
  • অন্ধৰ বাবে লাখুটিঃ ৪৯ সংখ্যক
  • কাম কৰাৰ বাবে লাখুটিঃ ৬৭ সংখ্যক
  • সহায়ক পেং- ৩৭ যোৰ

প্ৰতিজন প্ৰতিবন্ধীকে গণনা কৰি আৰু লগতে তেঁওৰ অক্ষমতাৰ সবিশেষ নথিভুক্ত কৰি এক শক্তিশালী জিলা ভিত্তিক তথ্য ভাণ্ডাৰ প্ৰস্তুত কৰিবলৈও পদক্ষেপ গ্ৰহণ কৰা হৈছে। সকলো জিলাকে ইয়াৰ বাবে তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

  1. ২০১৬-১৭ বিত্তীয় বৰ্ষ দুটাত সৰ্বমুঠ ৫৪১৮ গৰাকী বিশেষভাৱে সক্ষম লোকে নিবনুৱা ভাট্টা লাভ কৰিছে আৰু প্ৰতিবন্ধী লোক থকা ৩৩৬ টা পৰিয়ালেও পৰিয়াল ভাট্টা লাভ কৰিছে।
  2. সৰ্বমুঠ ১৮৩ গৰাকী বিশেষভাৱে সক্ষম লোক পুনঃসংস্থাপন অনুদানৰ জৰিয়তে উপকৃত হৈছে।
  3. মুঠ ৮১৬ গৰাকী বিশেষভাৱে সক্ষম লোক জলপানি লাভৰ জৰিয়তে উপকৃত হৈছে।
  4. সৰ্বমুঠ ৬৯ গৰাকী বিশেষভাৱে সক্ষম লোক (চিকিত্সা আৰু কাৰিকৰী শিক্ষা) জলপানি লাভৰ জৰিয়তে উপকৃত হৈছে।